ডাইনী Daini part 1
assamese novel
আজি মই এটা নতুন ক'টাগ কিনিলো। ফাৰ্মাচিউটিকেল কোম্পানীত নতুন চাকৰি লাভ কৰি হঠাৎ মোৰ ভাল দিন আৰম্ভ হৈছে। পাঁচ মাহৰ বেতন জমা কৰি কিনি লোৱা এই পুৰণি নিৰ্মাণশৈলীৰ এই ক'টাগটো হল এটা বিশাল ঘৰ। বাকীবোৰৰ তুলনাত প্রায় পানীৰ দামত কিনিছো এই ঘৰটো । ৭০ হাজাৰ ইউৰোৰ এই বিশাল কটাগ ঘৰটো মাত্ৰ কপালৰ গুণতেই পাব পাৰি । তাত আগতে সেইটো এটা গীর্জা আছিল। মই সিদিনা গোটেই দিন সম্পূৰ্ণ ক'টাগটো ঘুৰি ঘুৰি নিৰীক্ষণ কৰিলো । বহুতো পুৰণি ঘৰত ভুগর্ভস্থ কুঠৰি থাকে, কিন্তু আমাৰ ক'টাগটোৰ ভুগর্ভস্থ কুঠৰি বেছ ভিন্ন ধৰণৰ। একলগে পাঁচটা ঘৰ আটাইকেইটা ধাতুৰ ৰদেৰে আবৰা । যেন জেলখানা জেলখানা ভাব হয় । ওপৰত এটা বিশাল লাইব্ৰেৰিত আছে পুৰণি বহী কিতাপৰ ঠাক । লাইব্ৰেৰীত বহু কিতাপৰ মাজত এখনি পৰণি বাইবেলে মোৰ দৃষ্টি আকর্ষণ কৰিলে । এনে লাগিল যেন বাইবেলখনে টানি টানি মোৰ হাতখন তাৰ ওপৰলৈ লৈ গল। বাইবেলৰ ১ম পৃষ্ঠাটো ওলোটাই এটা বস্তু মন কৰিলো বাইবেলৰ প্রতিটো পৃষ্ঠাৰ এপিঠিত ছপা আৰু আন পিঠি গ্ৰেফাইটৰ সৰু সৰু হাতৰ আখৰেৰে প'লিচ ভাষাত কিবা লিখা আছে। ধর্মকর্মত মোৰ ইমান আগ্ৰহ নাই। বাইবেলখনৰ ধাৰ্মিক কথাবোৰ বাদ দি উল্টাফালৰ লেখাবোৰ পঢ়িবলৈ ধৰিলো। লেখাখিনিৰ উপৰৰ শিৰোনামা আছিল ডাইনী। তাৰ প্রথম পৃষ্ঠাৰ সৰল অসমীয়া অনুবাদ হব এনেকুৱা ,
" মই এজনী হতভাগিনী । মোৰ নাম এলিচ ভন্টেইজিয়ান। মোক তেওঁলোকে ডাইনীবিদ্যা চর্চাৰ অপৰাধত ইয়ালৈ ধৰি আনিছে । মোৰ দেউতাৰ এটি অতিথিশালা আছিল । মাৰ বহুত আগতেই মৃত্যু হৈছে । কেইসপ্তাহমানৰ আগতে দেউতাইও মোক এৰি গুচি গল । দেউতাৰ মৃত্যু পিছত মই অতিথিশালাৰ মালিক হলেও তেওঁক হেৰুওৱা দুখত কামত মন নিদিয়া হৈছো। সকলো একে স্বাভাবিক হৈয়ে আছিল । কিন্তু বিপত্তিটো ঘটিল দুদিন আগেয়ে। আমাৰ অতিথিশালাত এজন অতিথিৰ মৃত্যু হল। মই যিখিনি জানো মানুহজনে অতিৰিক্ত মদ গিলি মৃত্যু হৈছে। কিন্তু কোনোবাই যেন উৰাবাতৰি প্ৰচাৰ কৰিলে মই হেনো ডাইনী। ডাইনী বিদ্যা প্ৰয়োগ কৰি মই মোৰ দেউতা আৰু সেই মানুহজনক খুন কৰিছো। । তাৰপৰা গীর্জাৰ পৰা প্রিষ্টৰ নির্দেশত মোক ইয়ালৈ বন্দী কৰি অনা হল। অতিথিশালাটো গীর্জাৰ সম্পত্তি হিচাপে দখল কৰি লোৱা হল। ডাইনীবিদ্যা একো নাজানো মই। তাৰপিছতো মোৰ পিঠিত চাবুকৰ কোব শোধোৱা হল। কিমানবাৰ মই তেওঁলোকক কলো মই ডাইনী নহয়। মই এলিচ। তোমালোকে সকলোকে মোক চিনি পোৱা। প্ৰতিবাৰে মই গীৰ্জালৈ প্ৰাৰ্থনাৰ বাবে আহো, কিন্তু কোনোৱে মোৰ কথা নুশুনিলে। এসময়ত মই জ্ঞান হেৰুৱাই পেলালো। তাৰ পিছত সাৰ পাই দেখি দেখিলো মই ইয়াতে পৰি আছো। নাজানো আৰু কিমান শাস্তি মই সহ্য কৰিব লাগিব। তাৰ পিছতো মই পণ কৰিছো যি নহলেওঁ মই কোনো ডাইনীৰ অপবাদ স্বীকাৰ নকৰো। বাইবেলখন মোৰ কুঠৰিটোৰ এটা কোনত পৰি আছিল।কাষত থকা গ্ৰেফাইটৰ টুকুৰাএটাৰে পবিত্র বাইবেলত মই ইশ্বৰৰ নামত শপত খাই লিখিছো,মই ডাইনী নহয় "
প্রথম পৃষ্ঠাটো পঢ়াৰ পিছত মনৰ অজানিতে এই ছোৱালীজনীৰ বাবে চকু পানী ওলাই আহিল। মই জানিছিলো মধ্যযুগত এনেদৰে ছোৱালীবোৰক ডাইনীৰ অপবাদ দি মাৰি পেলোৱা হৈছিল কিন্তু ভবা নাছিলো মইও এনে এক ভিক্টিমৰ সৈতে পৰিচিত হম। বুজিবলৈ পৰিলো আমাৰ ঘৰটো তেতিয়াৰ গীর্জা আছিল আৰু ক'টাগৰ ভুগর্ভস্থ পাঁচ কুঠৰিৰ কোনো এটাত এলিচক বন্দি কৰি ৰখা হৈছিল । তাৰ পিছত পৃষ্ঠাত বাইবেলৰ লেখাটো ওলোটাই দিয়াত এলিছৰ লেখাটো পালো ।
"আজি দুদিন হল মই ইয়াতে আছো মোক এটুপিও পানী খাবলৈ দিয়া হোৱা নাই। মোৰ বাথৰুম কৰাৰ প্ৰয়োজন হোৱাত মই সিহতক কিমান যে মাতিলো কোনোৱে মোক বাহিৰলৈ লৈ নাহিল। শেষত বাধ্য হৈ চুকত কৰি দিলো । হে ঈশ্বৰ কি অপৰাধত এই শাস্তি দিছা মোক । মই কান্দিবলৈ লৈ আকৌ অজ্ঞান হৈ পৰিলো । টোপনি আহিল মোৰ। মাক সপোনত দেখিলো মোৰ বাবে ৰুটি আৰু ভাজি লৈ আহিছে। তাৰপিছত হঠাৎ সাৰ পাই দেখিলো এটা ইন্দুৰ মোৰ ভৰিৰ ওপৰেৰে আগবাঢ়ি আহিছে। সেইটো ধৰি তাৰ গলত কামুৰি দিলো। দুদিন লঘোনে থকাৰ বাবে এই লেতেৰা ইন্দুৰটোৰো তেজখিনি মোৰ তৃষ্ণাতুৰ গলটোৱে অমৃতযেন অনুভৱ হল। । ইন্দুৰটো খাবলৈ ধৰাৰ সময়তেই পহৰাদাৰে মোক দেখা পালে। সি চিঞৰি চিঞৰি কবলৈ ধৰিলে মই হেনো ইন্দুৰটো খাই প্ৰমান কৰি দিছো মই এজনী ডাইনী। আৰু কেইজনমান পহৰাদাৰে তাৰ সৈতে যোগ দিলে। মই কলো মই ক্ষুধাৰ্ত বাবেই এয়া খাইছো কিন্তু তেঁওলোকে নুশুনিলে। এজনে লোহাৰ ৰদৰ ফাকেৰে হাতখন সোমাই দি মোৰ গালত এটা প্ৰচণ্ড চৰ শোধালে। মই মাটিত পৰি গলো। সিহতে মোৰ পৰা সেই আধা ইন্দুৰটো লৈ গল। বাকীবোৰক মোৰ ডাইনী বিদ্যাৰ প্ৰমান দেখুৱাব বোলে। আজি যি ঘটিল তাত সিহতৰ ওচৰত মই ডাইনী হোৱাৰ অপৰাধ প্রমাণিত হৈ গল। কিন্তু ঈশ্বৰে তো জানে মই ডাইনী নহয়,মইও ইশ্বৰৰ একনিষ্ঠ সেৱক।"
দ্বিতীয় পৃষ্ঠা পঢ়াৰ সময়ত মই কান্দি উঠিলো। ছোৱালী এজনীৰ ওপৰত চলা অমানুষিক নির্যাতনৰ মর্মস্পর্শী বর্ণনা পঢ়ি মই নিজকে ঠিক কৰি ৰাখিবলৈ নোৱাৰা হলো। মাৰ নম্বৰটোত উদভ্রান্তৰ দৰে ভিডিঅ কল কৰিবলৈ ধৰিলো ।মায়ে মোৰ চকু আৰু ফুলি উঠা নাকটো চাই আচৰিত হৈ উঠিল। মই মাক কলো তোমাক বহুত মিছ কৰিছো মা। সেয়ে চকুলৈ পানী আহিছে। মায়ে মোক কিছুসময় চাই থাকি হাহিলে আৰু কলে।
ধুৰ কান্দে নেকি । আহা সপ্তাহত মই তোৰ ঘৰলৈ যাম।..... নানা কথা পাতি মোৰ মনটো ভাল হৈ গল। সিদিনা আৰু এলিচৰ ডায়েৰীটো পঢ়া নহল। এখন কমেডি মুভি চাই ভাত খাই সোনকালে শুই পৰিলো। ৰাতিপুৱা অফিচ আছে মোৰ ।
সিদিনা ৰাতি মই এক অদ্ভুত সপোন দেখিলো। সপোনত দেখিলো আমাৰ ক'টাগৰ পিছপিনে কুৱাৰ কাষত এটি অগ্নিকুণ্ড জ্বলি জ্বলি এসময়ত এটা নাৰীমূর্তিৰ আকৃতি ধাৰণ কৰিলে, আৰু পিছত এটা ভয়ানক কর্কশ চিৎকাৰ আহিল , আৰু অগ্নিকুণ্ডটো হঠাৎ নোহোৱা হৈ আগৰদৰে হৈ গল।
পিছদিনা ৰাতিপুৱা শুই উঠি দাত ঘহি ঘহি থাকোতে বাথৰুমৰ আইনাখনত চকু পৰিল। ধুলিৰ ভৰপূৰ আইনাখনত যেন সৰু সৰু হস্তাক্ষৰত পলিচ আখৰত কিবা লিখি দিছে এলিচে । চমক খাই দুখোজ পিছুৱাই আহিলো। তাৰ পিছত ভয়ে ভয়ে আগুৱাই গৈ আইনাত ভালকৈ চাই দেখিলো তাত একো লিখা নাই। গোটেইখিনি ধুলিময়। আপোন মনেৰে হাঁহিবলৈ আৰম্ভ কৰিলো। বুজিলো এইবোৰ অচেতন মনৰ ফাল্টু কল্পনা। সিদিনা অফিচৰ শেষত ক্লান্ত হৈ ঘৰ উভতি আহি শুই পৰিলো। আবেলি শুই পৰিছিলো বাবে কোনো লাইট জ্বলোৱা হোৱা নাছিল। ৰাতি অন্ধকাৰত ডুবি থাকিল মোৰ ঘৰটো।মাজৰাতি এটা কৰুণ কান্দোনৰ শব্দত টোপনি ভাঙি গল। ৰুমটো আন্ধাৰ বাবেই একো দেখা পোৱা নাছিলো মই। কিন্তু এনে লাগিছিল কান্দোনটো লাইব্ৰেৰীৰ পৰাই আহিছে। খেপিয়াই খেপিয়াই ৰুমৰ লাইটটো জ্বলাই লাইব্ৰেৰীটোলৈ আহিলো। যোৱাৰ সময়ত হাতত ছুৰীখন লৈ আহিলো। ৰুমটোত সোমোৱাৰ লগে লগেই কান্দোনৰ শব্দটো কমি গল.। লাইব্ৰেৰীত চুইচবোৰ্ডখনত বিচাৰি লাইটটো জ্বলালো । লাইব্ৰেৰীত একো নাই । কিন্তু বাইবেলখন ডেস্কত খোলা পৰি আছে। মই কাষলৈ গৈ দেখিলো আগতে যে এলিচৰ দুটি পৃষ্ঠা যে মই পঢ়িছিলো তাৰ পৰবৰ্তী পৃষ্ঠা তৃতীয় পৃষ্ঠাটো খোল খাই আছে। যেন মোৰ পঢ়াৰ অপেক্ষাত। কিন্তু মোৰ স্পষ্ট মনত আছে শেষবাৰ মই বাইবেলখন বন্ধ কৰি চেলফত তুলি ৰাখিছিলো , কিন্তু আজি সেয়া ডেস্কত আহিল কিদৰে ? ভাবি ভাবি বাইবেলখন তুলি লৈ এলিছৰ লিখাবোৰ আকৌ পঢ়িবলৈ আৰম্ভ কৰিলো। তাই লিখিছে, .......
ডাইনী daini part 2
.. আজি হঠাৎ মোৰ চেলৰ দৰ্জা খুলি মোৰ সমবয়সীয়া এজনী নগ্ন ছোৱালীক মোৰ কোঠাটোলৈ সোমাই দিলে। ৰক্ষীজনে খঙাল ভাবত কলে, "দুই ডাইনী একেলগে মৰ ।" সিহতে যিমানেই মোক ডাইনী বুলি প্ৰতিপন্ন কৰিছে মইও উচ্চস্বৰক প্ৰতিবাদ কৰিছো। কিন্তু এইবাৰ মই নবাগত ছোৱালীজনীক দেখি কিছু সময়ৰ বাবে অভিভূত হৈ পৰিলো। ছোৱালীজনী এজনী অপৰূপা সুন্দৰী। বাওগালত চাবুকৰ দাগ, সৰ্বশৰীৰত নির্যাতনৰ চিহ্নই তাইৰ সৌন্দর্য্যক ম্লান কৰিব নোৱাৰিলে । তাই আঠুকাঢ়ি উঠিবলৈ চেষ্টা কৰোতেই আকৌ লেপেটা খাই পৰিল। মই তাইৰ কাষলৈ গৈ তাইক চাবলৈ ধৰিলো। তাইৰ অবস্থা মোতকৈও বেয়া। মুৰৰ পিছপিনে এটা গভীৰ ক্ষত যৰ পৰা তেজ বৈ আছিল। মই মোৰ কাপোৰৰ এফাল কামুৰি চিৰি লৈ তাইক বেণ্ডেজ কৰি দিলো। এই শীতত অসুস্থ ছোৱালীজনীক তিল তিলকৈ মৰা দেখি মোৰ হৃদয়খনে চিঞৰি উঠিল। চাবুকৰ আঘাতত মোৰ নিজৰেই কাপোৰ ফালি একাকাৰ। তাৰ পিছতো যিমান সম্ভৱ মই ছোৱালীজনীক মোৰ কোলাত লৈ গৰম কৰি ৰখাৰ চেষ্টা কৰিলো। । দেৱালত জ্বলি থকা এটা জোৰ এটা তাইৰ কাষত পুতি দিলো। তাইক কোলাত লৈয়েই কথাবোৰ লিখিছো। জোৰৰ পোহৰত তাইক আৰু অপূৰ্ব লাগিছে। মোক ক্ষমা কৰা ইশ্বৰ। মই তোমাৰ এই অপৰূপ সৃষ্টিৰ প্ৰেমত পৰি গৈছো । "
পৃষ্ঠাটো পঢ়ি বুজি উঠিলো এলিছৰ সহচার্যতাই এই নিদাৰুণ বন্দিত্বত থাকিও হৃদয়ত প্রেমৰ জোৱাৰ তুলিছে। হয়তো এলিচ সমকামী নাছিল কিন্তু পৰিস্থিতিয়ে তাইৰ মনত ক্ষণিকৰ মোহৰ সৃষ্টি কৰিলে । কিন্তু নতুন ছোৱালীজনীৰ নামটো কি আছিল? প্রশ্ন টোৱে মোৰ মুৰলৈ আহোতেই লাইব্ৰেৰীৰ দৰ্জাখন সশব্দে বন্ধ হৈ গল । ধুলিময় দৰ্জাৰ খিলিটোৰ তলত এলিচৰ সুস্পষ্ট হাতৰ আখৰত এটা নাম ফুটি উঠল, "মার্টিনী।" কিছু সময় পিছত আকৌ সেয়া ধূলিৰ লগত মিহলি হৈ গল।.....
... এতিয়া কথাবোৰ বুজি পালো। এলিচ মৃত্যু হোৱাৰ পিচতো এই ঘৰটোত তাইৰ আত্মাটো বন্ধী হৈ আছে।আজিও লাইব্ৰেৰীত মোৰ সৈতে আছে। কিন্তু মই তাইক দেখা পোৱা নাই। কথাবোৰ ভাবি মোৰ গাৰ নোম শিয়ৰি উঠিল। প্ৰচণ্ড ভাবে ঘামিবলৈ ধৰিলো। ঠিক তেতিয়াই বন্ধ ঘৰৰ কোঠাতোত বতাহ আহি বাইবেলৰ পৃষ্ঠাটো ওলোটাই দিলে। বুজিলো এলিচে বিচাৰিছে মই তাইৰ লেখাবোৰ পঢ়ো। মোৰ এনে লাগিল তাই দৰ্জাবোৰ লক কৰি মোৰ পলোৱাৰ সকলো পথ ৰুদ্ধ কৰি দিছে। এতিয়া যদি মই তাইৰ ইংগিত নুশুনো তেতিয়া হয়তো এইটো ঘৰতে মোকো তাই মাৰি পেলাব। ভয়ে ভয়ে দৰ্জাৰ পিনে চালো। দৰ্জাত আকৌ এটা বাক্য "প্লিজ সহায় কৰা" তাৰ পিছত লাহেকৈ দৰ্জাখন খোল খালে।
দৰ্জা খুলি যোৱা দেখি মনটো অলপ সাহস পালো। এলিচে মোক আপোনৰ দৰে ব্যৱহাৰ কৰিছে। তাইক সহায়ৰ প্ৰয়োজন। কিন্তু কিয়। শেষত কি হৈছেনো তাইৰ ভাগ্যত। কৌতূহলে মোক পৰবৰ্তী পৃষ্ঠা পঢ়িবলৈ বাধ্য কৰিলে। তাত লিখা আছিল।।
"আজি ৰাতিপুৱা মোৰ কোলাতেই ছোৱালীজনীৰ জ্ঞান উভতি আহিল । মই তাইক গুড মৰ্ণিং কলো। কিন্তু তাই ভাবলেশহীন চকুৰে মোৰ মুখলৈ চাই থাকিল। তেতিয়া ৰক্ষীজন মোৰ ৰুমলৈ আহিল। তিনিদিনৰ মুৰত মোক সিহতে কিবা খাবলৈ দিলে। খোৱাৰ থালথনত আছিল চাৰি টুকুৰা বাহি পঁচা ৰুটি আৰু এগিলাছ পানী। এই তাৰে দুটুকুৰা সেই ছোৱালীজনীক দি দিলো। তাইও গোগ্ৰাসে গিলি দিলে। খোৱাৰ শেষত পানীখিনি দুয়ো ভাগ কৰি পিলো। স্রষ্টাক অসংখ্য ধন্যবাদ জনালো তেওঁ এই ভোকাতুৰক খাবলৈ দিছে, তৃষ্ণা দুৰ কৰিছে। মই এবাৰ ছোৱালীজনীৰ কাষলৈ গৈ তাইৰ মুৰৰ ক্ষত অংশটো চালো। শুকুৱাত বহুত দেৰি হব যেন লাগিছে। মন কৰিলো তাইৰ নগ্ন দেহে ঠাণ্ডাত কপি আছে। গোটেই ৰাতিটো জ্বলি জ্বলি জোৰডালো নুমাই গৈছে। ঠাণ্ডাত তাই মৰিবলৈ ওলাইছে। তাইক মোৰ কোলালৈ লৈ আনিলো। প্ৰথমে বাধা দিলেও তাই পিছত মোৰ কোলাত বহিল। মোৰ ফটা কাপোৰখিনি দুয়োজনৰ দেহৰ ওপৰেৰে মেৰিয়াই ললো। । । তাই মোৰ বুকুত মুৰটো থৈ অলপ সময় তেনেদৰে থাকিল। আৰু মই লাহে লাহে তাইৰ সৈতে কথা কবলৈ আৰম্ভ কৰিলো.। তাই কলে তাইৰ নাম মার্টিনী গুয়েন্থাৰ । তাই গীৰ্জাৰ সিটোমুৰৰ পাহাৰৰ গাঁওখনত থাকে। দেউতাক এজন ভেষজ চিকিৎসক।দেউতাকক স্থানীয় গীর্জাৰ প্রিষ্টে হত্যা কৰিছে । তেওৰ অপৰাধ আছিলো তেওঁ এজন পানীত ডুবা ল'ৰাক জীৱনদান কৰিছে । লৰাটোৰ শ্বাস প্ৰশ্বাস বন্ধ হৈ গৈছিল। কিন্তু তাৰ পিছতো তাইৰ দেউতাকে লৰাটোৰ বুকুত হাত ৰাখি চাপ দি বচাই তুলিলে। । প্রিষ্টৰ মতে লৰাটোৰ মৃত্যু হৈছিল। কিন্তু তাইৰ দেউতাকে মৃত লৰাজনৰ ওপৰত কলা যাদু কৰি জীৱন ওভোতাই আনিছে। এই অপৰাধত প্রিষ্টে লৰাটো আৰু মার্টিনীৰ দেউতাকক মৃত্যু আদেশ দিলে। মার্টিনীক ডাইনী আখ্যা দি এৰাতি উলঙ্গ কৰি বৰফত বান্ধি ৰখা হ'ল। পিছদিনা তাইক ইয়ালৈ লৈ অনা হয়। ...... মার্টিনী আৰু কবলৈ নোৱাৰা হৈছে। তাই ফেপাই ফেপাই কান্দি ভাগি পৰিল। বুজি পালো প্রিষ্টে তাইক গোটেই দিনটো ভোগ কৰি ৰাতি মোৰ চেলত বন্দী কৰি থৈছে। মই মার্টিনীক আৰু জোৰকৈ সাবটি ধৰিলো। কিছুসময় পিছত তাই শুই পৰিল তাইক কোলাত লৈয়েই মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো "
পৃষ্ঠাটা ওলোটাই দি মন কৰিলো তাৰে বহুখিনি মোৰ চকুৰ পানীত তিতি গৈছে। মনৰ মাজত সেই ধৰ্ম ব্যৱসায়ী প্ৰিষ্ট বাপিষ্টৰ প্রতি তীব্র ঘৃনা জাগিল । তেতিয়া বেডৰুমত মোৰ ফোনটো বাজি উঠিল। মায়ে মোক ফোন কৰিছে। লাইব্ৰেৰীৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলো আজি আকৌ মোক মায়ে কান্দি থকা দেখা পালে। মোক প্ৰশ্ন কৰিবলৈ ধৰিলে মোৰ বাগদত্তাৰ সৈতে সকলো থিকেই আছেনে! মই ছেগ বুজি কিবা কিবি অন্য কথা কৈ প্ৰসংগটো এৰি চলিলো। মাৰ সৈতে কথাৰ শেষত মুখ ধুবলৈ বাথৰুমলৈ আহিলো। বেচিনত মুৰ তলমুৱা কৰি চকুত পানীত মাৰিলো। যেতিয়া মুৰটো তুলিলো মোৰ বুকু কপি উঠিল। আইনাত মোৰ প্ৰতিবিম্ব নাই। এজনী অন্য ছোৱালী মোৰ চেহেৰাটো ঠাইত থিয় হৈ আছে। মই অনুভৱ কৰিলো তাইয়েই এলিচ। আইনাৰ সিটোমুৰৰ পৰা মোক চাই আছে। কপালেৰে তাইৰ তেজ বৈ আহি আছে। মই সহ্য কৰিবলৈ নোৱাৰিলো। চিৎকাৰ কৰি বাথৰুমত জ্ঞান হেৰুৱাই পৰি গলো....... ।
(আগলৈ )
ডাইনী daini part 3
পিছদিনা ঘড়ীৰ এলাৰ্ম শুনি টোপনি ভাগিল। মই নিজক বাথৰুমৰ ফ্লোৰত আবিস্কাৰ কৰিলো। মুৰটো অলপ ঠাইত খুন্দা খোৱা বাবে সামান্য ফুলি উঠিছে। কালিৰ কথাবোৰ মনত পৰিল। ভয়ে ভয়ে আইনাৰ ফালে এবাৰ চালো। সকলো থিক থাক। প্ৰতিবিম্বত মইয়েই আছো। বাথৰুমৰ পৰা ওলাই আহি নাস্তা কৰি অফিচলৈ আহিলো। । অফিচৰ সহকৰ্মীসকলক এই আঘাতৰ কথা একোৱেই নকলো। এজনে সোধাত কলো বাথৰুমত পৰি আঘাত পাইছো আৰু নিজৰ কামত মগ্ন হৈ পৰিলো। সিদিনা অফিচৰ পৰা ঘৰলৈ আহি থকা সময়ত মই এটা সিদ্ধান্ত ললো। কটিগটোত আৰু মই নাথাকো... ঘৰটো এৰি দি এলিছৰ ডায়েৰীটোও লগতে জ্বলাই দিম । মই ঘৰলৈ আহি পোনে পোনে কাপোৰবোৰ বান্ধিবলৈ ধৰিলো। হয়তো এয়াই মুক্তিৰ পথ। কি যে আত্মা এটাৰ সৈতে মই বন্দী হৈ পৰিছো। ঘৰটোৰ পুৰণি সম্পদ কিছুমান ইতিমধ্যে মই জ্বলাই দিছো । তাৰপিছতে হাতত দিয়াচলাই এটা লৈ লাইব্ৰেৰীত সোমালো। এলিছৰ ডায়েৰীটোই যত অনৰ্থৰ মূল। লাইব্ৰেৰীত সোমোৱা লগে লগে দৰ্জাখন শব্দ কৰি বন্ধ হৈ গল। এনে লগিল কোনোৱাই প্ৰচণ্ড খঙত দৰ্জাখন বন্ধ কৰিছে। ভয় নকৰি মই দৰ্জাখনত কান্ধেৰে ধাক্কা দিবলৈ আৰম্ভ কৰিলো। মোৰো খং উঠিছে। হল বুলি ইমান অত্যাচাৰ সহ্য কৰিব নোৱাৰি। কিছুসময় পিছতে দৰ্জাৰ সিটোফালৰ পৰা এক আৰ্তচিৎকাৰ ভাহি আহিল। এইবাৰ মই ভয় খালো। । তাৰ পিছত গোটেই ঘৰটোতে যেন প্ৰলয় আৰম্ভ হল। মোৰ ৰুমত কান্দোনৰ ৰোল, আচবাৰ দলিওৱাৰ শব্দ, দেৱালত আচোৰ মৰা শব্দ আৰু বিভিন্ন ৰকমৰ শব্দ। এটা সময়ত মই অসহ্য হৈ কলো।
" এলিচ মোক তুমি মাৰি পেলাব খোজা নেকি?"
লাহে লাহে দৰ্জাখনত আখৰ এটি স্পষ্ট হৈ উঠিল।
"না গুচি নাযাবা। মোক সহায় কৰা "
তাৰ পিছতে দৰ্জাখন খোল খালে। মই দৌৰি মোৰ ৰুমলৈ গলো। মোৰ ৰুমত যেনেকৈ বস্তু ভঙা ছিঙাৰ শব্দ শুনিছিলো এনে লাগিল যেন মোৰ ৰুমত আৰু একো অবশিষ্ট নাই। কিন্তু ৰুমত গৈ দেখিলো সকলো একেদৰে আছে। তাৰ পিছতে বিছনালৈ আহি কান্দিবলৈ ধৰিলো। মই এলিচ ক নাজানো। তাইৰ ওপৰত হোৱা নিৰ্যাতনে মোক ব্যথিত কৰিছে। কিন্তু তাৰ মানে এয়া নহয় যে মই মোৰ ঘৰত অশৰীৰীৰ উপস্থিতি মানি লম। কান্দি কান্দি এটা সময়ত শুই পৰিলো। ৰাতি সপোনত দেখিলো মই আইনাৰ প্ৰতিবিম্বত দেখা সেই ছোৱালীজনী মোৰ ভৰিত পৰি কান্দিবলৈ ধৰিছে। তাইৰ মুখত কলা কাপোৰেৰে বন্ধা। কিবা কবলৈ খুজিও কব পৰা নাই। তাই মোক তাইৰ সৈতে থকা বাইবেলখন মোৰ হাতত তুলি দিলে। তাৰ পিছতেই তাই মোৰপৰা দুৰত গুচি গল। মই সাৰ পাই উঠিলো। সাৰ পাই মই তৃষ্ণা অনুভৱ কৰিলো মই দুগিলাচ পানী খালো । দুখন ব্ৰেড হাতত লৈ লাইব্ৰেৰি আহিলো। ৰহস্যৰ সকলো জট সেই বাইবেলখন যত লিখা আছে এলিছৰ ডায়েৰী। লাইব্ৰেৰীত গৈ বাইবেলখন উলিয়াই আকৌ পঢ়িবলৈ আৰম্ভ কৰিলো।
"আজি ৰাতিপুৱা ৰক্ষীসকলে মোক খোৱাৰ লগতে মার্টিনীৰ বাবে অলপ কাপোৰো দি গল। মোৰ মনটো বেয়া লাগিল। তাইৰ নিজৰ এতিয়া কাপোৰ আছে। এতিয়া মোৰ কোলাত শুবলৈ নিবিচাৰিব। কিন্তু পিছলৈ সেই হতাশা গুচি গল। নীলা কাপোৰত তাইক ৰাজকুমাৰী যেন লাগিছে। মই তাইৰ ওপৰৰ পৰা চকু আতঁৰাই আনিব নোৱাৰিলো। তাই মৃদু হাঁহি মাৰি সুধিলে
"কেনে লাগিছে" ।
মই মাত্ৰ এটা কথাই কবলৈ পাৰিলো
"অসাধাৰণ.. একেবাৰে ধুনীয়া " ।
তাই মোক আবাক কৰি আজি ৰাতিও মোৰ কোলাত শুই পৰিলে। তায়ো মোক ভালপায় নেকি? ছোৱালীজনী মোৰ বুকুৰ মাজত শুইছে ঠিকেই কিন্তু গভীৰভাবে উশাহ নিশাহ লৈ আছে । মোৰ বুকুত বাৰে বাৰে মুখখন ঘহিছে। এনে লাগিছে যেন ভালপোৱাৰ শেষ আশ্ৰয় বিছাৰি পাইছে। "
এই পৃষ্ঠাটা পঢ়ি পঢ়ি লাজতে মই ৰঙা হৈ গলো। ছোৱালী দুজনীয়ে প্ৰমাণ কৰি দিছে ভালপোৱা স্থান কাল উচ্চ নীচ জাত পাত বৰ্ণ লিংগ ভেদাভেদ নামানে। ভালপোৱা ভালপোৱাই।
পৃষ্ঠাটো ওলোটাই পিছৰ পৃষ্ঠাটো খুলিলো।
" কালি মাৰ্টিনী আৰু মই এক স্বপ্নময় ৰাতি পাৰ কৰিছো।তাইক কিদৰে কাষত পাম সেয়া কল্পনাই কৰা নাই। ছোৱালীজনী একমাত্ৰ দেখাতেই সুন্দৰী নহয়, মায়াবতীও। । ঈশ্বৰৰ অমায়িক সৃষ্টি। হে স্রষ্টা মোক ক্ষমা কৰা । মোৰ যদি কিবা পাপ হৈছে তাক মোচন কৰা। কিন্তু মোৰ পাপৰ শাস্তি তুমি মার্টিনীক নিদিবা। দৰকাৰ হলে তাইৰ মৃত্যুদুতক মোৰ কাষলৈ পঠিয়াই দিয়া।।"
তাৰ পিছদিনা তাই লিখিছে,
"আজি ধৰি অনাৰ ৭ দিনৰ পিছত সিহতে মোক আৰু মার্টিনীক এটা সৰু পুখুৰীলৈ লৈ যায়। যি হওক সিহত নিৰ্দয় নহয়। পুখুৰীৰ উষ্ম পানীত গা ডুবাই দিওতেই চাবুকৰ কোবত সৃষ্টি হোৱা ঘাঁবোৰে অসহ্য জ্বলাপোৰা কৰিবলৈ আৰম্ভ কৰিলে । কিন্তু মনটো এটা অদ্ভুত প্রশান্তিত ভৰি পৰিল ।মই আৰু মার্টিনী পানী চিটিকোৱা খেলাৰ দৰে কৰিলো। কিন্তু ৰক্ষীসকলৰ সেয়া পচন্দ নহল। এজন ৰক্ষী আহি মোৰ আৰু মার্টিনীৰ গালৈ শিল দলিয়াবলৈ ধৰিলে। মই বেকা হৈ দিয়াত শিলটো মোৰ মুৰৰ কাষেৰে পাৰ হৈ গল। কিন্তু বেচেৰী মাৰ্টিনীৰ আহত মুৰত এটা শিল পৰিল। মই সহ্য কৰিব নোৱাৰিলো। মোৰ আগতে সিহতে মাৰ্টিনীক আঘাত কৰিলে। মই সিহঁতক চিৎকাৰ কৰি অভিশাপ দিলো যেন সি নৰকত যায়। মোৰ অভিশাপ শুনি ৰক্ষীজনে ভয়ত পিছুৱাই গল। সিহতে মোক ডাইনী বুলি ভাবে। সেয়ে মোৰ অভিশাপক ভয় কৰে. নিজক অলপ হলেও ক্ষমতাশালী যেন অনুভৱ হল। ততাতৈয়াকৈ সিহতে মার্টিনীক আৰু মোক চেলত লৈ গল । মই বেয়া নাপালো বৰঞ্চ ভগবানক ধন্যবাদ দিলো। আজিৰ এই চমৎকাৰী দিনটোৰ বাবে । "
এই পৃষ্ঠা পঢ়াৰ শেষৰ লগে লগে আৰু লাইব্ৰেৰীৰ দৰ্জা সশব্দে বন্ধ হল। ধূলিৰ মাজত লিখা গল, এলিছ +মার্টিনী। এই প্রথম বাৰৰ বাবে মই এলিছৰ ডায়েৰী পঢ়ি হাঁহিলো। ছোৱালী দুয়োটাই ইমানৰ পিছতো প্ৰেমত পৰিছিল আৰু জেলৰ মাজত লুকাই প্ৰেম কৰিছিল। বন্ধ দৰ্জাৰ সিটোমুৰৰ পৰা তেতিয়া খিল খিল হাহিৰ শব্দ ভাহি আহিল। ময়ো সেই হাঁহিত যোগ দিলো। এলিছৰ প্ৰতি মোৰ ভয় শেষ হৈ গল। নিসংগ এই ঘৰটোত এনে এজনী সংগী পোৱাৰ আনন্দ অনুভৱ কৰিলো । হওঁক না সেয়া অশৰীৰী।
(আগলৈ )
Daini Part 4
"আজি হঠাৎ এজন প্ৰহৰী চিঞৰ বাখৰ কৰি মোক গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে। দুদিন আগতে মই যিজন ৰক্ষীক অভিশাপ দিছিলো তেওৰ হেনো চিমিলিয়াৰ যুদ্ধত মৃত্যু হৈছে। স্বাভাৱিকতেই সিহতে ভাবিছে মই হেনো খুন কৰিছো। তিনিটা হত্যাৰ দায় মোৰ গাত লাগিছে। হায় ইশ্বৰ, এইবোৰ কি তোমাৰ সৃষ্টি। যুদ্ধত মানুহে মাৰিবলৈ যায় নহলে মৰিবলৈ যায়। মৰিবই.. কিন্তু তুমিতো জানাই মই কাকোৱেই খুন কৰা নাই। কিন্তু সিহতে মোক ইয়ালৈ ধৰি আনিছে। হায় ইশ্বৰ। তুমি ইয়াৰ বিচাৰ কৰা। তুমি এই পাপীবোৰক ক্ষমা কৰা। ৰক্ষীসকলে কোৱাকুই কৰিলে যিমান সম্ভৱ সোনকালে মোক মৃত্যুদণ্ড দিব লাগে তাতে সকলোৰে মংগল। এইবোৰ শুনি মাৰ্টিনী উদ্দিগ্ন হৈ পৰিছে। তাই মোক সাবটি ধৰি ফেকুঁৰিবলৈ ধৰিলে। এই মুহূৰ্তত তাইক মোৰ ইশ্বৰৰ দূতযেন লাগিল। এই অপবাদ, ঘৃনা, লাঞ্চনা মাজতো কেবল মোক ভালপাবলৈ যেন ইশ্বৰে স্বৰ্গৰ পৰা এক অপ্সৰা মৰ্তলৈ পঠিয়াই দিছে। ধন্যবাদ ইশ্বৰ। মোৰ দৰে পাপীক দয়া কৰাৰ বাবে "
তাৰ পিছৰ পৃষ্ঠা,
"আজি সন্ধিয়া সিহঁতে মোক শুদ্ধিকৰণৰ বাবে প্ৰিষ্টৰ কাষলৈ লৈ গল । চেলৰ দৰ্জা খুলি সিহতে যেতিয়া মোক টানি নিলে মাৰ্টিনীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেতিয়ালৈ মই জনা নাছিলো শুদ্ধিকৰণৰ বস্তুটো কি। যোৱাৰ সময়ত যিমান সম্ভৱ তাইক মই ঘুৰি ঘুৰি চাই আছিলো। তাই মাটিত পৰি উন্মাদৰ দৰে চুলি আচুৰি আঁচুৰি কান্দিবলৈ লৈছিল। এটা সময়ত চেলৰ দেৱালখনৰ বাবে তাইৰ চেহেৰাটো ঢাক খালে। মই সৰ্বশক্তি প্ৰয়োগ কৰি ওলাই আহিবলৈ খুজিলো। চিঞৰি কলো " নাকান্দিবা মাৰ্টিনী। তোমাক মই ভালপাওঁ।"
ৰক্ষীসকলে মোক লৈ প্ৰিষ্টৰ ৰুমলৈ লৈ গল। গীৰ্জাৰ উচ্চ তলাত বিলাসবহুল কোঠা। আসনত অধিস্থিত প্ৰিষ্টক দেখি মই শিৰনত কৰি সন্মান জনালো। তাৰ পিছত আঠুকাঢ়ি তেওঁৰ ভৰিৰ স্পৰ্শ কৰি কলো , "ধর্মাবতাৰ, আপুনি মোক চিনি পোৱা নাই। মই শৈশবত আপোনাৰ গীর্জাত দুবছৰৰ বিদ্যার্থী আছিলো । মোৰ জীবনত এনে কোনো ৰবিবাৰ নাই যিদিনা আমি সাপ্তাহিক প্রার্থনাত ফাঁকি দিছো। মই স্ৰষ্টাৰ এজনী একনিষ্ঠ সেবিকা হিচাপে জীবন উৎসৰ্গা কৰিবলৈ খোজো। মা মেৰীৰ কচম মই ডাইনী নহয় ।"
প্রিষ্টে মোৰ মুৰত লাঠ মাৰি কলে, মই হেনো ছদ্মবেশী ডাইনী। ধাৰ্মিকতাৰ ছদ্মবেশত মই ৩ জনক খুন কৰিছো। সেয়ে মোৰ এই দোষৰ শাস্তি হব মৃত্যুদণ্ড। কিন্তু দণ্ডৰ আগেয়ে মোৰ দেহটোক পৰিশুদ্ধ কৰিবলৈ লাগিব যাতে মৃত্যুৰ পিছত মোৰ পাপাত্মা মোৰ দেহলৈ আৰু উভতিব নোৱাৰে। প্ৰিষ্টৰ ইংগিতত দুজন ৰক্ষী আহি মোৰ দুহাত বান্ধি দিলে। প্রিষ্টে চুৰীখনেৰে মই পৰিহিত সকলো কাপোৰ কাটি মোক উলংগ কৰি দিলে। মই লজ্জাত দেহৰ সৰ্বশক্তিৰে চিঞৰি উঠিলো। মোৰ বিশ্বাস আছিল মা মেৰীয়ে মোৰ চিৎকাৰ শুনি সহায় কৰিব। কিন্তু তাৰ পৰিবৰ্তে প্ৰিষ্টৰ বিশাল হাতৰ চৰ খাই মই লুটিখাই পৰিলো "...
এই পৃষ্ঠাটো পঢ়ি পঢ়ি মোৰ হাত ভৰি জিনজিনাবলৈ ধৰিলে। অনুমান কৰিবলৈ পাৰিছিলো এলিছৰ ওপৰত যৌন নির্যাতন চলোৱা হৈছিল। কঁপা কঁপা হাতেৰে পৃষ্ঠাটো ওলোটাই দিলো ।
" সিহতে মোক কাষৰ বিচনালৈ লৈ গৈ শিকলিৰ সৈতে বান্ধি দিলে। প্ৰিষ্টে আহি মোৰ নগ্ন দেহত মন্ত্ৰপুত পানী ছটিয়াই দিলে। তাৰপিছত তেওঁ মোৰ দেহটোক গোটেই ৰাতিটো ধৰি চাৰিবাৰ ভোগ কৰিলে। মই গোটেই ৰাতিটো মা মেৰীক সহায়ৰ বাবে চিঞৰি আছিলো কিন্তু ইশ্বৰো যেন নিশ্চুপ। ৰাতিপুৱা এই বিধ্বস্ত দেহাৰে চেললৈ মোক লৈ যোৱা হল। মোক তেওঁলোকে পৰিস্কাৰ হবলৈও নিদিলে। মোৰ দুভৰিৰ মাজ অংশত ইমান কষ্ট হৈছিল যে মই খোজকাঢ়িবলৈ নোৱাৰা হৈছিলো। কিন্তু ৰক্ষীৰ নিৰ্দয় চাবুকৰ কোবত কোনোৰকমে চেললৈ গৈ পালো... মার্টিনী শুই আছিল। মোক দেখি দৌৰি আহি তাই সাৱটি ধৰিলে মোক। মই সামান্য ইতস্তত বোধ কৰিলো । মোৰ দেহত সকলোতে তেজ, বীৰ্য্যৰ দাগ কিন্তু তালৈ তাইৰ ভ্ৰুক্ষেপ নাই। এটা সময়ত মই ক্লান্ত হৈ তাতে শুই পৰিলো। সপোনত মই মোৰ শৈশৱটো দেখিছো। দেখিছো গীৰ্জাৰ প্ৰশিক্ষণ শিৱিৰত মোক লৈ মোৰ মা দেউতা আহিছে। এইবোৰ দেখি মোৰ মনটো ভাল লাগি গৈছে। মই বহুত ফুৰ্তি কৰিছো। তাৰ পিছত মা দেউতাই মোক লৈ ঘোৰাৰ গাড়ীত ঘৰলৈ আহিল। সন্ধিয়া মোৰ টোপনি ভাগি গল। সাৰ পাই দেখিলো মার্টিনী তাইৰ কাপোৰৰ পৰা এটা অংশ চিৰি এখন ৰুমাল তৈয়াৰ কৰিছে। কাষত থকা পানীৰ মগটোৰ পৰা পানীত সেইখন তিয়াই মোৰ দেহৰ সকলো তেজ বীৰ্য্য মচি আছে। ঘৃণাত মোৰ মুখ কোচ খাই গল। এয়াই যদি শুদ্ধিকৰণ তেন্তে অশুদ্ধিকৰণ কি হব। অলপ পৰিস্কাৰ হৈ বাইবেলখন লিখিবলৈ বহিলো। যোৱা নিশাটোৰ বাবে মোৰ ইশ্বৰৰ ওপৰত কোনো অভিযোগ নাই। এয়াই হয়তো মোৰ কপালত লিখা আছিল। কিন্তু মোৰ এটাই অনুশোচনা। মই প্ৰিষ্টৰ দৰে পাষণ্ড এটাক ধৰ্মাবতাৰ বুলি মাতিছো। তাৰ ভৰিত পৰি প্ৰাণ ভিক্ষা কৰিছো। তাতকৈ মই মৰি গলেই ভাল আছিল । "
এই পৃষ্ঠাটো পঢ়ি মোৰ শৰীৰটো থৰ থৰ কপিবলৈ ধৰিছিল। ইমানৰ পিছতো ছোৱালীজনী কেনেকৈ ভাগি পৰা নাই তাক লৈ মই ভাবুক হৈ পৰিলো। ভগবানৰ প্ৰতি অটুত বিশ্বাস ৰাখি গৈছিল। কিন্তু ধর্মৰ এই ধৰ্মগুৰুবোৰৰ ধৰ্মৰ নামত অধৰ্মৰ চৰ্চাই মোক বিস্মিত কৰি তুলিলে। এয়াই হয়তো মধ্যযুগীয় বৰ্বৰতা। এযাই হয়তো ধৰ্ম ব্যৱসায়ীৰ আচল ৰুপ । এলিছৰ দৰে সেই ধৰ্ম বেপাৰীবোৰৰ প্রতি মোৰ ঘৃণা উপজিল। পিছৰ পৃষ্ঠাটো ওলোটাবলৈ ধৰোতেই মোৰ ঘড়ীৰ এলাৰ্ম বাজি উঠিল। কি আশ্চৰ্য্য গোটেই ৰাতি মই লাইব্ৰেৰীত এলিছৰ ডায়েৰী পঢ়ি পাৰ কৰিছো। এলিচক মোৰ একাকীত্বৰ বন্ধু, সুখ দুখৰ সংগী যেন লাগিল। মুখৰ ভিতৰতে ভোৰভোৰাই কলো।" তোমাক ভালপাবলৈ লৈছো মই এলিচ।"
যি কি হওক বহুত হল। কি যে মই ঘৰটো এৰি তাইক আৰু নিসংগ কৰিবলৈ খুজিছিলো। মই মোৰ ঘৰটো এৰি কতো নাযাও। ইয়াতে থাকিম। এলিচৰ সৈতে। মন যোৱা নাই অফিচলৈ যাবলৈ। এলিছক এৰি যাবলৈ মন যোৱা নাই। কিন্তু অফিচ মই যাবই লাগিব। ব্ৰেকফাষ্ট কৰি গাড়ীখন লৈ ওলাই গলো। ।
(আগলৈ)
Daini part 5
(পাৰ্ট 4 ৰ পিছৰ পৰা)
সিদিনা অফিচত একোতে মন দিবলৈ নোৱাৰিলো । টোপনিৰ হেঁচাত টেবুলত মুৰটো থৈয়েই শুই পৰিলো। কপাল ভাল আছিল। মইয়েই এক্সিকিউটিভ অফিচাৰ। মোৰ ওপৰত কোনো নাই। মোৰ কোনোবা বচ থাকিলে এতিয়ালৈ মোক গালি পাৰি অফিচৰ পৰা বাহিৰ কৰি দিলেহেতেন। আজি দিনটো স্বাভাবিকতকৈ বেছি দীঘলীয়া যেন লাগিছে।অফিচো যেন শেষ হবলৈ খোজা নাই । অবশেষত পাঁচটা বজাত অফিচৰ পৰা ঘৰলৈ আহিলো.। কাপোৰ সলাই গা ধুবলৈ বাথৰুমত সোমালো। আইনাত চকু দিয়েই দেখা পালো এলিচে মোৰ পিনে অপলক দৃষ্টিৰে চাই আছে। এইবাৰ মোৰ ভয় নালাগিল। বৰং দুষ্টৰ দৰে মই চকু টিপিয়াই দিলো। তাই মৃদু্ হাহি মাৰি মুৰ দুপিয়ালে। তাইক পানী ছটিয়াই দিবলৈ মন কৰি হাতত পানী লৈ আইনালৈ ছটিয়াই দিলো। কিন্তু তেতিয়ালৈ এলিচ আইনাৰ পৰা আতৰি গল। গা ধুই ডিনাৰৰ বাবে খোৱা টেবুলত বহিলো। এখন প্লেটত মোৰ বাবে আনখনত এলিছৰ বাবে আহাৰ সাজু কৰিলো। জানো তাইক এতিয়া আহাৰৰ প্ৰয়োজন নহয়। কিন্তু তাইক খাবলৈ দিবলৈ মোৰ বিবেকে কলে.। খোৱাৰ শেষত লাইব্ৰেৰীলৈ গুচি আহিলো। এলিছৰ ডায়েৰীটো মই পঢ়াৰ বাবেই প্ৰস্তত হৈছে। সময় বিলম্ব নকৰি মই পঢ়িবলৈ আৰম্ভ কৰিলো।
" দুটা দিন একো লিখিব পৰা নাই।প্রচন্ড জ্বৰ হৈছিল মোৰ... । শৰীৰটোৱে কষ্টবোৰ সহ্য কৰিব নোৱাৰা হৈছে। আধা নিদ্ৰাত পাৰ কৰিছো দিনটো। আজি যেতিয়া অলপ হুচ আহিল তেতিয়া দেখিলো মার্টিনী মোক কাপোৰ পাৰি দি নিজে নগ্ন হৈ মোৰ মুৰৰ কাষত বহি আছে। মোক চকু মেলা দেখি তাই হাহি সুপ্ৰভাত বুলি কলে। তাই কলে "জ্বৰৰ দেহাৰে নগ্ন হৈ থকা উচিত নহয়। সেয়ে মই মোৰ কাপোৰবোৰো তোমাক দি দিছো। আৰু মই জানো তুমি মোক কাপোৰবিহীনভাবে বেছি ভালপোৱা।" তাইৰ কথা শুনি চকুলৈ পানী নামি আহিল। এখন কাপোৰ আমি দুজনে ভাগ কৰি পিন্ধিছো। তাই মোৰ বাবে এই শীততো গোটেই ৰাতি নগ্ন হৈয়েই কটাই দিছে। হায় ঈশ্বৰ তুমি মানুহবোৰক কিয় এনেকৈ সৃষ্টি কৰিছা। মাৰ্টিনীৰ হৃদয়ত যিমান ভালপোৱা দিছা তাৰ অলপ যদি প্ৰিষ্টৰ হৃদয়ত দিলাহেতেন আমাৰ ইমান কষ্ট নহলহেঁতেন। বিছনা পৰা উঠি গৈ মাৰ্টিনীক সাবটি ধৰিলো। তাই মোৰ শেষ আশ্ৰয়। মোৰ বাবে দেবী। তাইৰ সান্নিধ্যত মোৰ নৰকখনো স্বৰ্গ হৈ পৰিছে। মিলনৰ শেষত আমি দুয়ো শুই পৰিলো। হঠাৎ অনুভৱ কৰিলো মাৰ্টিনী মোক শুৱাই থৈ দুৰলৈ গুচি গৈছে।
চকু মেলি দেখিলো তাই আঠুকাঢ়ি হাউলি চেলৰ এটা কোণত বমি কৰিবলৈ ধৰিছে। বুজিলো তাই অন্তঃসত্বা। প্ৰিষ্টৰ সন্তান তাইৰ গভৰ্ত। মোৰো একেই পৰিণতি হব।মই নিজৰ পেটত হাত বুলালো। এটাই আশা মোৰ, মোক এইবোৰৰ পৰা মুক্ত কৰি স্ৰষ্টাৰ ওচৰলৈ লৈ যাওঁক।
মার্টিনী উঠি আহি মোৰ কাষত শুই গভীৰ মমতা ৰখা কন্ঠেৰে কলে, "কোনোৱে যদি মোক সোধে বাচ্ছাটো কাৰ মই তোমাৰ বুলি দেখুৱাই দিম। মোৰ বাচ্ছাটোৰ দেউতা হবানে?" মই তাইৰ গালত হেচুকি কলো, যদি তুমি মোৰ সৈতে বিয়া হৈ মিছেচ এলিচ হোৱা তেতিয়াই পাৰিম। মোৰ উত্তৰ শুনি তাই হাঁহিবলৈ ধৰিলে । মইও প্রাণ খুলি হাঁহিলো। এই বাহ্যিক হাহি ঠাট্টাৰ আৰত প্রকৃত সত্যটো আমি দুজনেই জানো। নিতান্ত ভাগ্যগুণত যদি আমি ইয়াৰ পৰা বাহিৰ হবলৈও পাৰো তথাপিও মই তাইক বিয়া কৰিব নোৱাৰিম। ইজনে সিজনক যিমানেই ভাল নাপাওঁ কিয়, এইবোৰ অসম্ভব। "
মনে মনে ভাবিলো এলিচ যদি এতিয়াও বাচি থাকিলহেঁতেন কিমান যে আনন্দ লাগিলহেঁতেন। আজিকালি সমকামী বিবাহ বৈধ হৈছে। ইচ মইও যদি এলিচ মাৰ্টিনীৰ বিয়াত উপস্থিত থাকিলোহেতেন। এইবোৰ ভাবি ভাবি মই পিছৰ পৃষ্ঠা পঢ়িবলৈ ললো।
,
" মোৰ হৃদয় আজি ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। মই এতিয়াও বিশ্বাস কৰিবলৈ পৰা নাই যে মাৰ্টিনী আৰু নাই। আৰু কেতিয়াও মোক ভাল নাপায়। তাইৰ নিষ্পাপ চেহেৰাটো আৰু কেতিয়াও মই দেখা নাপাও। তাইৰ মৰমৰ চুমা যি মোৰ শত নির্যাতনৰ নিষ্পেষণক মুহূর্ততে পাহৰাই দিছিল সেয়া আজি অতীত হৈ গৈছে। তাইৰ যাদুকৰী হাতৰ পৰশ যি মোক নিমিষতে সুখী কৰি দিছিল সেই হাত আজি নিঠৰ হৈ পৰি আছে।আজি ৰক্ষী এজনে আহি কৈছে মার্টিনীৰ মৃত্যুদণ্ড হেনো নির্ধাৰিত হৈছে । কিছুসময়ৰ পিছত সূৰ্যোদয় হলেই তাইক ফাচিকাঠত ওলোমোৱা হব। তাই নির্লিপ্ত কন্ঠত প্রশ্ন কৰিলে মোৰ দেহটোৰ কি হব? এজন ৰক্ষী উত্তৰ দিলে প্রিষ্টে তোমাৰ দেহক তিনি ৰাতি শুদ্ধিকৰণৰ শেষত জুইত জ্বলাই দিব ।এই গীর্জাৰ নিয়ম অনুসৰি সকলো ডাইনীক এই নিয়মেৰে সমাহিত কৰা হয়। কথা শুনি মার্টিনী সৰু বাচ্ছাৰ দৰে কান্দি কান্দি কবলৈ ধৰিলে. "মোক বচোৱা এলিচ। পাষণ্ডটোৱে শুদ্ধিকৰণৰ নামত মোৰ মৃতদেহৰ সৈতেও সংগম কৰিব. ইশ্বৰৰ কৃপাত মোক বচোৱা। ।" মই মনস্থিৰ কৰি পেলাইছিলো । মই বাচি থকালৈকে মোৰ তাইক কোনোৱে লৈ যাব নোৱাৰে। মনে মনে প্রার্থনা কৰিলো হে ঈশ্বৰ মোক শক্তি দিয়া । মার্টিনীক নিবলৈ প্রথম ৰক্ষীজন চেলত প্রবেশ কৰাৰ লগে লগে মই তাৰ ওপৰত আক্ৰমণ কৰিলো। সি সহ্য কৰিব নোৱাৰি মাটিত পৰি গল। মই তাৰ গলত কামুৰি দিলো। তেজৰ ধাৰ তাৰ গলৰ পৰা সো সোৱাই বৈ আহিল। তেতিয়া অন্য এজন ৰক্ষী আহি মোৰ মুৰত লাঠিৰে পচণ্ড কোৱ শোধালে। আঘতৰ তীব্ৰতাত মোৰ চকুৰ সমুখত সকলো আন্ধাৰ হৈ পৰিল। মই জ্ঞান হেৰুৱাই পেলালো। জ্ঞান পাই নিজক ছেলত আবিস্কাৰ কৰিলো। বুজিলো মাৰ্টিনিক সিহতে লৈ গৈছে। হায় ঈশ্বৰ তুমি তাইক স্বৰ্গত স্থান দিয়া। "
......
(আগলৈ)
Daini part 6
মার্টিনীৰ বাবে মোৰ হৃদয় হাহাকাৰ কৰি উঠিল। স্রষ্টাক খুব নিষ্ঠুৰ যেন লাগিল । কিয় পুতলাৰ দৰে এজনী ছোৱালীক অকালতে এনেকুৱা কৰিলে। কি দোষ আছিল তাইৰ। জগতৰ কি অমোঘ লীলা! পিছৰ পৃষ্ঠা ওলোটাই দিলো মই ,
এলিচে লিখিছে ,
"কালি ৰাতি অলপো টোপনি অহা নাই। চকু বন্ধ কৰিলে মাৰ্টিনীৰ চেহেৰাটো ভাহি উঠে। আজি ৰাতি তাইৰ মৃতদেহটো শুদ্ধিকৰণৰ নামত প্ৰিষ্টে উৎসৱৰ দৰে ভোগ কৰিব। মই যেন তাইৰ আত্মাৰ আর্তচিৎকাৰ শুনিবলৈ পাইছো । গীর্জাৰ উপৰৰ তলাৰ পৰা তাই সহায়তাৰ বাবে হাহাকাৰ কৰিছে । তাইব অতৃপ্ত আত্মাটো হয়তো অসহায় হৈ চাই আছে , নিজৰ প্রাণহীন দেহটো কিদৰে সেই পশুটোৱে খুলি খুলি খাই আছে ! ছিঃ। কোন মানুহে তেওৰ স্বজাতিৰ মৃতদেহৰ এনে অমর্যাদা কৰিবলৈ পাৰে। তাতে আকৌ গীৰ্জাৰ ভিতৰত। হে ঈশ্বৰ তোমাৰ শক্তিৰে এই নষ্ট গীর্জাটোক ধ্বংস কৰি দিয়া । এই চয়তানক ভষ্ম কৰি দিয়া।
.....
প্রতি দিনৰ দৰে আজিও ৰাতিপুৱা খাবলৈ চাৰিটুকুৰা ৰুটি দিছে। কিন্তু আজি মই কাৰ সৈতে ভাগ কৰি খাম। মাৰ্টিনী তো গুচি গৈছে। প্লেলখন মই চেলৰ ফাকেৰে বাহিৰলৈ দলিয়াই দি চিঞৰিবলৈ ললো, " নিজে খা। মোক মাৰ্টিনীক ওভোটাই দে। এজন চয়তান ৰক্ষী মোক ওলোটাই কলে," তাইক নৰকলৈ পঠিওৱা হৈছে। শীঘ্ৰে তোকো তাত পঠিয়াব। "
যদিও মই হত্যা নকৰা পিছতো হত্যাকাৰী তাৰ পিছতো কাকো হত্যা কৰাৰ কথা মনলৈ অহা নাছিল। কিন্তু আজি প্রচন্ড ইচ্ছা হৈছিল এই ৰক্ষীজনক মাৰি নৰকলৈ পঠিয়াই দিয়াৰ। এইবোৰ ভাবি মই তাৰ ওপৰত মুখত পৰাকৈ থুৱাই দিলো। ৰক্ষীজনে হিংস্ৰ জন্তুৰ দৰে চেলৰ দৰ্জা খুলি মোৰ পিঠিত চাবুকেৰে প্ৰচণ্ড কোৱ শোধাবলৈ ধৰিলে। নিয়মিত চাবুকৰ কোব খাই খাই মোৰ পিঠিত পূঁজ জমা হৈ গৈছে । সি যেতিয়া এই ক্ষত বিক্ষত পিঠিত কোবালে তেতিয়া এনে লাগিল যেন মোৰ পিঠি ভেদ কৰি চাবুকডালে হৃদপিন্ডত আঘাত কৰিছে । খুব বেছিসময় এই আঘাত সহ্য কৰিবলৈ নোৱাৰিলো। ৩ টা কোব খোৱাৰ পিছতেই অজ্ঞান হৈ মই ঢলি পৰিলো। জ্ঞান যেতিয়া আহিল চেলত সম্পূর্ণ অকলশৰীয়া হৈ নিজক আবিষ্কাৰ কৰিলো। একাকীত্ব আৰু শূন্যতাই গোটেই হৃদয়ক গ্রাস কৰিলে । এই একাকীত্ব লৈয়েই বাইবেলখনত লিখিবলৈ বহিলো ।"
এই পৃষ্ঠাটো পঢ়ি চকু বন্ধ কৰোতেই মই এলিছৰ ক্ষত বিক্ষত পিঠিখন দেখিবলৈ পালো । ওহো! এই সাহসী ছোৱালীজনীয়ে ইমানখিনি সহ্য কৰিবলৈ পাৰিছে মাত্ৰ মাৰ্টিনীৰ অপমানখিনি বাহিৰে । ৰক্ষীজনে যেতিয়া মার্টিনীক নৰকলৈ পঠোৱাৰ কথা কৈছিল তেতিয়াই তাই সাপৰ দৰে উঠিছিল। নির্যাতন নিশ্চিত জানিও তাই প্ৰতিবাদ কৰিছে। ! মাত্ৰ অনুভব কৰিলো জেলৰ অন্ধপ্রকোষ্টত এই দুই নাৰীৰ প্ৰেম কিমান যে কি কৰা নাছিল সিহতে ইজনে সিজনৰ বাবে।....
পিছৰ পৃষ্ঠাত ,
"সিদিনাৰ ঘটনাৰ পৰা আজি দুদিন হল , সিহতে মোৰ খোৱা লোৱা বন্ধ কৰিছে। আগৰ দৰে শুদ্ধিকৰণৰ দৰে মোৰ নগ্ন কৰি ৰাখিছে । লাহে লাহে গ্ৰীষ্ম আহিছে বাবে ঠাণ্ডাৰ পৰা অলপ ৰেহাই পাইছো.। কিন্তু পিয়াহত বোধ শক্তি লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে। মাজৰাতি সপোনত দেখিছো মার্টিনীক মোৰ চেলৰ ভিতৰতে ফাচীত ওলোমোৱা হৈছে। বতাহত তাইৰ শৰীৰটো ইফালে সিফালে দুলি আছে। মৃত্যু যন্ত্রনাত সুন্দৰ মুখখন মেল খাই জিভা বাহিৰ ওলাই আহিছে । তাইৰ খোলা মুখেৰে তেজ সো সোৱাই বৈ আছে আৰু মই তৃষ্ণাৰ তাড়নাত সেই তেজবোৰ পিবলৈ আৰম্ভ কৰিছো। উহঃ। কি বীভৎস স্বপ্ন। ৰাতিপুৱা শোৱাৰপৰা উঠি মই বহুসময় ধৰি কান্দিবলৈ ধৰিলো। কিন্তু তৃষ্ণাত সকলো পানী শুকাই গৈছে। চকুৰ পৰা বৈ আহিবলৈও পানীৰ একো অৱশিষ্ট নাই। দুপৰীয়া সময়ত তৃষ্ণাৰ জ্বালাত অতিষ্ঠ হৈ অঞ্জলি হিচাপে নিজৰ মুত্র পান কৰিছো । কিন্তু এই নিমখীয়া তৰলবিধে যেন মোৰ পিয়াহক আৰু বঢ়াই তুলিছে। বুজিবলৈ পাৰিছো , খাবলৈ আজি যদি পানী নাপাও আজি ৰাতিয়েই হব মোৰ শেষ ৰাতি। শৰীৰৰ শেষ শক্তিখিনিৰে এইখিনি লিখিছো । জীৱনৰ শেষ অক্ষৰমালা। জীবনৰ শেষ শব্দ, মার্টিনী।"
(আগলৈ)
daini Part 7
click here to read part 6পৃষ্ঠাটো পঢ়ি এনে লাগিছিল এলিচে এনেকৈ মৰিল। আজি পোলেণ্ডত প্রতি বছৰে ৬০ হাজাৰ টন ম্যাদহীন খাদ্য পেলাই দিয়া হয় । সেই অজ্ঞতা আৰু অন্ধকাৰচ্ছন্ন পোলেণ্ড দ্বিতীয় বিশ্বযুদ্ধত সম্পূর্ণ ধংস হোৱাৰ পিছতো আজি আকৌ মুৰ তুলি উঠিছে। কিন্তু আমাৰ দেশত এতিয়াও ক্ষুধাত প্ৰাণ হেৰুৱায়। যি কি নহওক অলপ সময়ৰ বাবে মই ভাবিছিলো এলিচৰ মৃত্যু হৈছে। কিন্তু পৃষ্ঠাটো ওলোটাই দিয়াত এলিচৰ লিখা দেখা পালো।
"আজি সন্ধিয়া এজন ৰক্ষী অলপ আহাৰ আৰু এমগ পানী লৈ আহিছিল। মই তাৰ হাতৰ পৰা সেইখিনি লবলৈ ইচ্ছা নহল। নাজানো কিয় মোৰ এনে লাগিল সি হয়তো মাৰ্টিনীক হত্যা কৰিছে। হয়তো তাৰ হাতত এতিয়াও তেজ লাগি আছে। ৰাতিৰ সপোনটো মনত পৰিল। তাৰ হাতৰ পৰা খোৱাবস্তু লোৱা মোৰ মনত মাৰ্টিনীৰ তেজ পিয়াৰ দৰে নিকৃষ্ট যেন লাগিল। মই খোৱাবস্তু খিনি নলৈ শুই থাকিলো। সিও কিছুসময় তাত তেনৈকৈয়ে ৰৈ থাকিল। যেতিয়া বুজি পালে মই উঠি গৈ তাৰ পৰা একো লোৱা নাই সি সেইবোৰ ভিতৰত দলিয়াই দি গুচি গল। মগটোৰ পৰা পানীখিনি পৰি মোৰ চেলৰ ভিতৰত বৈ আহিল। মই সহ্য কৰিবলৈ নোৱাৰিলো। সেই পানীৰ ওপৰত জপিয়াই পৰিলো। মেকুৰীৰ দৰে সকলো খাবলৈ আৰম্ভ কৰিলো। আহহহহ পানী।... ঈশ্বৰৰ এক মহিমান্বিত উপহাৰ। পানী খাই মই আহাৰখিনি লবলৈ ধৰিলো। লাডুৰ দানাবোৰ গলত সোপা লগাৰ দৰে হল। খোৱাৰ সময়ত গলটোত প্রচন্ড জ্বলাপোৰা হৈছিল , এনে লাগিছিল যেন মই জ্বলন্ত কয়লা খাইছো । কিন্তু তাৰ পিছটো পেটৰ ভোকত ৰব নোৱাৰি গিলিছিলো। যেতিয়া আনটো লাডু হাতত ললো মনত পৰিল মাৰ্টিনীৰ কথা। তাই থাকিলে হয়তো দুয়ো ভাগ কৰি খালোহেঁতেন। পেট নভৰিলেও মনটো আনন্দেৰে ভৰি পৰিলেহেতেন। বুকুৰ পৰা এটা দীর্ঘশ্বাস বাহিৰ হৈ আহিল। । খাই আকৌ শুই পৰিলো। মনে মনে কবলৈ ধৰিলো মই আৰু নোৱাৰো প্রভু।এই নৃসংশতাৰ পৰা মোক মুক্তি দিয়া । মোক তোমাৰ কাষলৈ লৈ যোৱা। আজি ৰাতি যেন মোৰ শেষ ৰাতি হয়।। কিন্তু প্রভু যীশুই মোৰ প্রার্থনা অগ্রাহ্য কৰিলে । মই বাচি থাকিলো আৰু এটি দুৰ্বিসহ দিনৰ অভিজ্ঞতা গ্রহণৰ বাবে । "
তাৰ পিছৰ পৃষ্ঠাত লিখিছে, " আজি ৰাতিপুৱা এটা প্ৰহৰীৰ লাঠি খাই মোৰ টোপনি ভাঙিল। অনাহাৰক্লিষ্ট দুর্বল শৰীৰসৈতে মই ইমানেই গভীৰ নিদ্ৰাত আছিলো যে প্রহৰীৰ চিঞৰেও মোক জগাব পৰা নাছিল। বাধ্য হৈয়েই সি কষ্ট কৰি চেলৰ তলা খুলি মোক লাঠ মাৰি জগাই দিছে । কষ্ট পালেও মই তাক একো কোৱা নাই। কষ্টবোৰ সহ্য কৰিবলৈ শিকি গৈছো। মাত্ৰ অবাধ্য চকু দুটাই কোনো ব্যাথা নামানে। ব্যাথা পালেই পানী বাহিৰ হৈ আহে। প্রহৰীজনে মোক অলপ নতুন কাপোৰ দি কলে সোনকালে সাজু হ। আজি হেনো মোক সকলোৰে আগত বিছাৰ কৰা হব। কাপোৰ পিন্ধিবলৈ লৈ মোৰ আকৌ মাৰ্টিনীক মনত পৰিল। সিদিনা আমি এখন কাপোৰেই দুয়োজনে ভাগ কৰি পিন্ধিছিলো। আজি তাইৰ অনুপস্থিতিত মইয়েই অকলশৰীয়া কাপোৰৰ মালিক। এই একাকীত্বই মোক সকলোতকৈ বেছি যন্ত্রনা দিছে । ক্ষুধা, পিয়াহ , চাবুকৰ আঘাত বা অন্য কোনো নির্যাতন নহয় । মানুহৰ স্মৃতিৰ এক আশ্চর্য ত্রুটি হল দুঃখ পাহৰি যোৱা কিন্তু সুখময় দিনবোৰ মনত ৰখা । মাৰ্টিনীৰ সৈতে সেই সুখময় দিনৰ স্মৃতিয়ে মোক খুলি খুলি খাবলৈ ধৰিছে। মৃত্যুৰ বাহিৰে যেন একো মুক্তিৰ পথ নাই। চিৰি বগাই বগাই মই গীর্জাৰ ছাদলৈ গুচি গলো ৰক্ষীসকলে মোক এটা দুলি থকা কাঠৰ ফ্রেমৰ সৈতে বান্ধি দিলে । পূ্ব দিগন্তত তেতিয়া মাত্ৰ গ্রীষ্ম জিলমিল সূর্যোদয় হৈছে । উষ্ম পৰশে মোৰ জৰ্জৰিত দেহত ৰঙীন কৰি তুলিছে। এজন ঘোষক আহি গাওঁবাসীক গীর্জা প্রাঙ্গণত একত্রিত হবলৈ আহব্বান জনালে । মানুহবোৰ লাহে লাহে একত্ৰিত হবলৈ ধৰিছে।তাৰপিছতে সন্মানিত পাদ্রীজন গীর্জাৰ ছাদত আহি বহিল। আৰম্ভ হল তিনিজনক হত্যাত অভিযুক্ত ডাইনী এলিচৰ বিচাৰ ।"
তাৰ পিছৰ পৃষ্টাত,
" মাননীয় পাদ্রীজনে এটা এটা কৈ মোৰ ওপৰত অনা গোচৰ সকলোকে পঢ়ি শুনালে। ! প্রথম অভিযোগ হল মই হেনো অতিথিশালাটোৰ মালিক হোৱাৰ আশাত মোৰ দেউতাক মাৰি পেলাইছো। কি অদ্ভুত অভিযোগ। মোৰ ব্যবসাপাতিত একো আগ্রহ নাই । যত মোৰ আগ্ৰহেই নাই তাত একচ্ছত্ৰী মালিক হোৱাৰ বাবে মই মোৰ জন্মদাতা দেউতাক খুন কৰিম ! এইবোৰ ভাবিব পাৰি নেকি? দেউতাকৰ সম্পত্তি এনেও একমাত্র সন্তান হিচাপে মোৰ হাতলৈ আহিব। তেওক হত্যা কৰাৰ একো প্ৰয়োজন নাই তাৰপিছতো মই পিতৃঘাতী। এয়াই কি পৃথিবীৰ ন্যায়বিচাৰৰ উদাহৰণ ?
তাৰ পিচৰ অভিযোগ, মই হেনো সামান্য কেইটামান স্বর্নমুদ্রা পোৱাৰ বাবে আমাৰ অতিথিশালাটোৰ শুই থকা অতীথিজনক খুন কৰিছো ! এই মদাহী বুঢ়াটোৰ লগত স্বর্নমুদ্রা থাকিলে হে নিম। সি যিমান আয় কৰে সকলো আমাৰ অতিথিশালাটোত মদ খাই উৰাই দিয়ে । তাৰ লগত যে স্বর্নমুদ্রা আছে সেয়া ভবাটোও এক পাগলামি। আৰু যদি ঘুর্ণাক্ষৰেও দুই এটা স্বর্নমুদ্রা আছিল মোৰ যদি সেইকেইটাৰ প্ৰযোজন হলহেঁতেন মই তাক দুবটল মদ দিয়েই তাৰ বাকীত লৈ লব পাৰিলোহেঁতেন। খুন কৰিবলৈ কি প্ৰয়োজন। মোৰ এই অতিসাধাৰণ যুক্তি তর্কবোৰ বিচাৰত গ্রহণ কৰা নহল। মোক সেই মদাহীটোৰ হত্যাকাৰী হিছাপেই চিহ্নিত কৰা হল।
তাৰ পিছত সেই হতভগা ৰক্ষীক হত্যাৰ অভিযোগ উঠিল । যথাৰীতি সকলো যুক্তিতর্কৰ শেষত মোকেই দোষী সাব্যস্ত কৰা হল। তাৰ পিছত প্রিষ্টে আহি সকলোৰে সমুখত মোৰ গালত চৰ মাৰিলে । তলত গীর্জাত জনগনৰ মাজত শিশুও আছিল। ইমান মানুহৰ মাজত এনেদৰে অপমানিত হৈ লজ্জাত মোৰ মাটিৰ সৈতে মিহলি হৈ যাবৰ ইচ্ছা গল। শেষত বিচাৰৰ ৰায় ঘোষণা কৰা হল। "ডাইনী এলিচক আগন্তুক ৰবিবাৰে প্ৰাথৰ্নাৰ সময়ত গীর্জা প্রাঙ্গণত সকলোৰে সন্মুখত ফাঁচীকাঠত ওলোমোৱা হব।" মৃত্যুদণ্ড শব্দটোৱে মোৰ কাণত যেন মৌ বৰষিলে। আৰু মাত্র চাৰিদিন । ইয়াৰ পিছতে মই এই নির্মম পৃথিবী এৰি মোৰ স্ৰষ্টাৰ কাষলৈ গুচি যাম। শাস্তি ঘোষনাৰ পিছত প্রিষ্টে তেওঁৰ হাতৰ আঙুঠিটো খুলি তাক গৰম কৰি ৰঙা হোৱাত মোৰ কপালত বহাই দিলে। গভীৰ এটা পোৰা দাগেৰে সৈতে আঙুঠিৰ ওপৰত অংকিত নক্সা মোৰ কপালত চিন হৈ ৰল।। এয়াই সেই চিন্হ যাৰ দ্বাৰা এজনী ডাইনীক চিহ্নিত কৰা হয়। কপালৰ অসহ্য জ্বলাপোৰা আৰু মিছা ডাইনীৰ অপবাদৰ যন্ত্ৰনাত মই চিৎকাৰ কৰি কান্দি উঠিলো । মোৰ কান্দোন দেখি উপস্থিত বহুতৰ অট্টহাহিত কোঠাটো কপি উঠিল । তাৰ পিছত প্রিষ্টে সগর্বে গীর্জাৰ ছাদ পৰা নামি গল । প্রিষ্টে যোৱাৰ লগে লগে উপস্থিত সকলোৱে মোৰ গালৈ বৰষুনৰ দৰে শিল মাৰিবলৈ আৰম্ভ কৰিলে। যি সকলে শিল মাৰি আছিল মই তেওলোকক চিনি পাওঁ। তাৰ মাজত আছিল জোচেফ এন্টোনিও, যোৱা বছৰ তেওঁৰ শস্য শীতত নষ্ট হৈ গৈছিল । একো যোগাৰ কৰিব নোৱাৰি তেওলোকৰ পৰিয়ালটোব আলৈ আথানি হৈছিল। এদিন তেও আমাৰ ঘৰলৈ আহি মোৰ দেউতাৰ ওচৰত কেইটামান টকাৰ ধাৰলৈ হাত পাতিলে। মোৰ দেউতাই তেওঁ চিধাই মানা কৰিছিল। কিন্তু তেওঁৰ অসহায় মুখখন দেখি মই বৰদিনৰ উপহাৰ কিনিবলৈ জমা কৰা টকাখিনি গোটেই তেওক দি দিছিলো। সিদিনা কান্দি কান্দি তেও মোক মা বুলি সম্বোধন কৰিছিল। কিন্তু মাত্ৰ ছয় মাহৰ ব্যৱধানত আজি গ্ৰীষ্মৰ দিনত তেঁও মোক ডাইনী বুলি কৈ মোৰ গালৈ শিল মাৰিছে।কিমান যে সোনকালে এই মানুহবোৰ সলনি হয়। তাৰ পিছত চকু পৰিল ৰ'জাৰ বৰিচৰ পিনে। সি মোৰ প্রাক্তন প্রেমিক। সিও সকলোৰে সৈতে তালত তাল মিলাই মোক শিল মাৰিছে। অথচ কেইদিনমান আগতেও সি কিমান যে মিঠা কথা কৈ কৈ মোৰ ৰূপৰ প্ৰশংসা কৰিছিল। প্রতি বৃহস্পতিবাৰ সন্ধিয়া সি আমাৰ অতিথিশালাটোলৈ আহিছিল একমাত্ৰ মোক চাবলৈ। ঘন্টাৰ পিছত ঘন্টা ধৰি মোক অপেক্ষা কৰিছিল। ময়ো আকৰীজনীয়ে দেউতাক ফাকি দি এই লম্পটোক লগ কৰিছিলো। সি মোক পৰী বুলি মাতিছিল। দুমাহ আগলৈ তাৰ এই পৰীজনীক বিচনাত পোৱাৰ বাবে সি সৰ্বোচ্চ ত্যাগ কৰিবলৈও ৰাজী হৈ আছিল। কিন্তু আজি মোক নৰকৰ ডাইনী বুলি গালি দিছে আৰু বিছাৰি বিছাৰি ডাঙৰ ডাঙৰ পাথৰ বোৰ মোক মাৰিবলৈ ধৰিছে। ধ্বংস হওক এই স্বাৰ্থপৰ লম্পট পুৰুষজাতি। তাক চাবলৈও মোৰ ঘৃণা উপজিছে।
গীর্জাৰ প্রাঙ্গণত এক কোণত বহুতো শিশু কিশোৰ জমা হৈ হাল্লা হুলস্থুল কৰি মোৰ পিনে শিল দলিয়াইছে। কোমল অপ্ৰস্তুত হাতৰ পৰা দলিওৱা শিলবোৰ বেছিভাগ লক্ষভ্রষ্ট হৈছে। সিহঁতৰ মাজত মই এলেক্স ৰবার্ট উইলচনক দেখিবলৈ পালো। তাৰ মা আমাৰ প্রতিবেশী। লৰাটো দেখিবলৈ খুবেই সুন্দৰ। বয়স ৪-৫ হব । সেইদিনা তাৰ জন্মৰ সময়ত খুব তুষাৰ বৃষ্টি হৈছিল । ৰাস্তাত বৰফ জমা হৈ আমাৰ গাওঁখন প্ৰায় বিচ্ছিন্ন হৈ গৈছিল । এনে প্রতিকুল পৰিবেশত তাৰ মাকৰ যেতিয়া প্রসব বেদনা হৈছিল তেতিয়া কোনো ধাত্ৰীকেই লৈ অনা সম্ভৱ নাছিল। সি তাৰ মাকৰ যোনিত ওলোটাকৈ বাজি ৰৈছিল। দেউতাক ঘৰত নাছিল। সেইদিনা মাকৰ আর্তচিৎকাৰ শুনি মই ঘৰলৈ দৌৰি গৈছিলো। মাকক শুৱাই দি মই নিজ হাতে লৰাটোক টানি বাহিৰ কৰিছিলো। মোৰ হাতত ধৰিয়েই সি পৃথিৱীলৈ আহিছিল। কৃতজ্ঞতাবশত তাৰ মাকে মোৰ নামৰ সৈতে মিলাই তাৰ নামকৰণ কৰিছিল এলেক্স। আজি সিও মোৰ পৰ হৈ গৈছে ! ইমানপৰে পাথৰৰ আঘাতৰ তীব্ৰতাত মই এসময়ত জ্ঞান হেৰুৱাই পেলালো।ৰক্ষীসকলে মোৰ অজ্ঞান দেহক টানি টানি চেলৰ ভিতৰলৈ লৈ আনিলে। নাজানো কিমান সময় অজ্ঞান হৈ আছিলো। জ্ঞান পায়েই দেখিলো ৰাতি হৈছে। ইতিমধ্যে এজন ৰক্ষীয়ে খোৱো বস্তু দি থৈ গৈছে। হয়তো জীবনৰ শেষ চাৰিটা দিন সিহতে মোক ভোকাতুৰে ৰাখিব খোজা নাই। খাই উঠি মই লিখিবলৈ বহিলো । মৃত্যুৰ প্রতিক্ষাত, জীবনৰ আতিবাহিত আৰু এটি দীর্ঘ গ্রীষ্মৰ দিনৰ বর্ণনা।"
(আগলৈ)
ডাইনী part 8 assamese novel
পৃষ্ঠাটো শেষ কৰি মনতে ভোৰভোৰাই কলো, হায় এলিচ । এইবোৰ বিচাৰৰ নামত অত্যাচাৰ তোমাৰ জন্মৰ আগতেও মানব সমাজত আছিল, তোমাৰ মৃত্যুৰ পিছতো এতিয়াও টিকি আছে। তোমাৰ আগতে চক্রেটিচ, গেলিলিও, পাইথাগোৰাছ প্রমুখ ইয়াৰ চিকাৰ হৈছিল । তোমাৰ পিছত , আমেৰিকাত লুথাৰ কিং, ইটালিৰ মৌচুলিনী, মার্কো, প্রমুখ। মানব সমাজত কোন কালেই ন্যায় বিচাৰ প্রতিষ্ঠিত নাছিল, আৰু কেতিয়াও নহব। সেই বুলি তুমি মৰিও এই কটিগত বন্দী হৈ পৰি থাকিবা ? তোমাৰ বাবে নতুন জীৱনে অপেক্ষা কৰিছে । হয়তো তাত মার্টিনী তোমাৰ বাবে ৰৈ আছে । তুমি যোৱা নাই কিয় ? লাইব্রেৰীৰ এটি চুকৰ পৰা কান্দোনৰ শব্দ ভাহি আহিল । দৰ্জাখনত লিখা গল , "মুক্তি দিয়া মোক ।" এইবাৰ মই মুক্ত কন্ঠে কলো , কিন্তু কিহৰ মুক্তি? কাৰ পৰা মুক্তি?
প্রত্যুত্তৰত বাইবেলৰ নতুন পৃষ্ঠা এটা খোল খালে ।
এলিচৰ লিখা ,
"বাহ। আজি ৰাতিপুৱা হবলৈ নাপাওঁতেই এজন প্রহৰী আহি মোক কেইটামান ফল, পানী, আৰু ৰুটি দিলে। প্রথমে এই আকর্ষিক মহানুভৱতাৰ কাৰণ বুজিব নোৱাৰিলেও পিছত ভালকৈ বুজি পাইছো । চাৰিদিন পিছত যেতিয়া মোৰ দেহটো শুদ্ধিকৰণৰ বাবে প্রিষ্টৰ হাতত তুলি দিয়া হব তেতিয়া সি মোৰ জীর্ণশীর্ণ দেহটোৰ পৰা যথেষ্ট যৌন সুখ নাপাবও পাৰে । সেয়ে এই চাৰিদিন কিছু মোক খাবলৈ লবলৈ দি ব্যবহাৰৰ উপযোগী কৰাৰ চেষ্টা কৰিছে।। গোটেই ৰাতিটো মই ডাইনী হোৱাৰ ৰহস্য উদ্ঘাটন কৰিছো। মই ডাইনী হোৱাৰ আচল কাৰণটো আছিল মোৰ দেউতাৰ অতিথিশালাটো। আমাৰ অতিথিশালাটো চহৰৰ প্ৰায় মাজ অংশত অৱস্থিত। চহৰলৈ অহা সকলো মানুহেই এই অতিথিশালাত ৰাতিটো কটায়। যাৰ বাবে আমাৰ প্ৰচুৰ অৰ্থ উপাৰ্জন হয়। দেউতাৰ মৃত্যুৰ পিছত সেয়া মোৰ হাতলৈ আহিছিল। যিহেতু আমাৰ কোনো উত্তৰাধিকাৰী নাছিল মই মৰি গলে সেয়া পৰিতাজ্য সম্পত্তি হিচাপে গির্জাৰ অধীনত গুচি যাব। গির্জাৰ প্রিষ্টে তাৰ মালিক হৈ তাৰ পৰা অতিৰিক্ত আয় লাভ কৰিব । সেয়ে মাত্ৰ এই সম্পত্তিৰ লোভত মোক ডাইনীলৈ পৰিণত কৰিছে। এই বিচাৰ , ডাইনীৰ অপবাদ, কেবল লোকক দেখুৱাবৰ বাবেহে । নাটকৰ বাহিৰে বেলগ একো নাই। সকলোৱেই ষড়যন্ত্ৰত লিপ্ত। কিন্তু মই ইমানেই সোমাই পৰিছো যেন মৃত্যুৰ পিছটো মই ইয়াৰ পৰা ওলাই আহিব নোৱাৰিম। চাৰিওফালে কেবল অন্ধকাৰ। মই অকলশৰে তাৰ মাজত ৰৈ গৈছো। গহীনত। কপালত দাসত্বৰ চিহ্ন লৈ । "
পিছৰ পৃষ্ঠাত ,
" আজি দুপৰীয়া মোক সিহঁতে পুখুৰীলৈ লৈ গৈছে। গা ধুৱাবলৈ। কালি যে মোক ফাচি দিয়া হব। আজি দেহটো পৰিস্কাৰ কৰি প্রিষ্টৰ যৌন শুদ্ধিকৰণৰ বাবে প্ৰস্তুত কৰা হব । মই গা ধুবলৈ খোজা নাছিলো। কিন্তু মোক গা ধুৱাবৰ বাবে দুজন বিশাল দেহৰ মহিলাক নিয়োগ কৰিছে। সিহতৰ সৈতে যুঁজিবলৈ মোৰ দেহত অবশিষ্ট শক্তি নাই। বাধ্য হৈ নিৰ্বোধ ছোৱালীৰ দৰে মই গা ধুবলৈ ধৰিলো। সিহতে মোৰ দেহটো পুঙ্খানুপুঙ্খ ভাবে পৰিস্কাৰ কৰি দিলে। মোৰ স্তন যোনি নিতম্বত সকলোতকৈ বেছি মনযোগ দি পৰিস্কাৰ কৰিলে । বুজিলো সিহত প্রফেশ্বনেল। সিহঁতৰ কামেই হল মৃত্যুদণ্ড প্রাপ্ত ছোৱালীৰ দেহক প্রিষ্টৰ বিকৃত কামনা পুৰণৰ বাবে প্ৰস্তুত কৰা । সিহঁতৰ একনিষ্ঠ পৰিশ্ৰমত মোৰ জীর্ণ দেহটো অলপ হলেও আকর্ষণীয় হৈ উঠিল । কিন্তু কপালত আঙঠিৰ পোৰা দাগটো থাকিয়েই গল । ইমান সহজে যাব যে তাৰ আশা নাই। সৰু এটি আঙুঠি কিন্তু ক্ষতটোৱে কপালখন পুৰি পেলাইছে। গোটেই মুৰটো ঝিমঝিম কৰিছে । মাজে মাজে মুৰটো তুলিবলৈ প্ৰচণ্ড কষ্ট হৈছে মোৰ। অসম্ভব ভাৰী হৈ গৈছে যেন। গোটেই দিনটো মই শুইয়েই কটালো । কিন্তু এনে লাগিছে মই গীৰ্জাত নহয় নৰকৰ তপ্ত অগ্নি পিন্ডত বহি আছো । অনুভব কৰিলো নৰকৰ কীট এই মানুহবোৰে এই পবিত্র গীর্জাকো নৰকত পৰিণত কৰিছে । সৰুতে যেতিয়া মই এই গীর্জাত শিক্ষা লৈছিলো তেতিয়া আমিবোৰক কোৱা হৈছিল , " ঈশ্বৰ এই গীর্জাৰ পুজা বেদীৰ ওপৰত স্থাপিত ক্রুচত বিদ্ধ হৈ আছে। যোৱা , তেওঁক ফুল অৰ্পণ কৰি সম্মান জনোৱা।" কিন্তু আজি বুজিলো ঈশ্বৰ কেতিয়াওঁ গীর্জাত নাথাকে । গির্জাত প্রিষ্টৰ দৰে বহুতো ছদ্মবেশী নৰকৰ কীটবোৰ বাস কৰে। আৰু ঈশ্বৰ থাকে বিশ্বাসীসকলৰ হৃদয়ৰ মনিকোঠাত চিৰভাস্কৰ হৈ ।"
ডায়েৰীটো সমাপ্ত। এলিচৰ আৰু কোনো লিখা বিচাৰি নাপালো। হৃদয়খনে হাহাকাৰ কৰি উঠিল। তাইৰ শেষ উক্তিটো বাৰবাৰ চকুৰ সমুখত ভাহি উঠিবলৈ ধৰিলে। ঈশ্বৰ গীর্জাত নাথাকে । গীর্জাত প্রিষ্টৰ দৰে বহুতো ছদ্মবেশী নৰকৰ কীট বাস কৰে। ঈশ্বৰ থাকে বিশ্বাসীৰ হৃদয়ৰ মনিকোঠাত চিৰভাস্কৰ হৈ !তাই এক চিৰ সত্য কথা কৈছিল যিটো প্রায় ধর্মত প্রযোজ্য। খৃষ্টানসকলৰ গীর্জা, মুসলমানসলকৰ মছজিদ , বৌদ্ধৰ টেম্পলত , হিন্দুৰ মন্দিৰ এইবোৰে মাত্ৰ মানুহৰ ধর্মীয় অনুভূতিক পুঁজি কৰি বনোৱা এটা ব্যাবসায় প্রতিষ্ঠানৰ বাহিৰে একো নহয় । এইবোৰত কেতিয়াও ঈশ্বৰ থাকিবলৈ নোৱাৰে । কিন্তু এতিয়াও মই মোৰ এটা প্ৰশ্নৰ উত্তৰ পোৱা নাই। এলিচে কিয় ইয়াত বন্দী হৈ আছে। কিহৰ মায়াত ইমানদিন ধৰি এনেদৰে আছে? যি নহওকঁ গোটেই ৰাতিটো মই লাইব্ৰেৰীত পাৰ কৰিছো এলিচৰ ডায়েৰীটো পঢ়ি। আজি ৰাতিটোও প্ৰায় শেষ হবলৈ ধৰিছে। মোক এতিয়া টোপনিৰ প্রয়োজন। লাইব্ৰেৰীৰ পোহৰ নুমাই মই বেডৰুমলৈ ৰাওনা হলো। কিন্তু তেতিয়াও লাইব্ৰেৰীত এটা নাৰী কণ্ঠই কান্দিয়েই আছিল । এটা বিলাপৰ সুৰ। মই তাইক কান্দিবলৈ দিলো। প্রাণ খুলি কান্দিলে হয়তো দুখৰ বোজাটো অলপ পাতল হব। নিজৰ বেডৰুমত আহি দেহটোক বিচনাত মেলি দিলো। এনে লাগিল সমগ্র পৃথিবীখনেই যেন নৰকৰ দৰে অশান্তিপূর্ণ। মাত্ৰ বিছনাখন বাদ দি । বিছনাৰ প্রশান্তিত মুহূৰ্ততে গভীৰ নিদ্ৰাত সোমাই পৰিলো। ।
(আগলৈ )
ডাইনী daini Part 9 best assamese novel
সেই ৰাতি তিনিটা ভয়ংকৰ সপোন দেখিলো মই। প্রথমে দেখিলো মই অফিচৰ পৰা গাড়ীত আগৰ দৰে ঘৰলৈ আহিছো। গেৰেজত গাড়ীখন পাৰ্ক কৰি ওলাই আহোতে দেখিলো আমাৰ ঘৰৰ চাদত মই বাথৰুমৰ আইনাত দেখা সেই ছোৱালীজনী ওলমি আছে। গলটো বেকা হৈ নিস্প্ৰাণ চকু দুটিৰে মোৰ পিনে চাই আছে। হায় হায়! মোৰ ঘৰত এটা লাচ আছে। মই ভাবিবলৈ ধৰিলো ইয়াক লৈ কি কৰা যাব। পুলিচক ফোন কৰিম নে এই বিশাল ঘৰটোৰ কোনোবা এটা কোণত পুতি থম। একো বুজিবলৈ পৰা নাছিলো। তেতিয়াই লাচটোৱে মোৰ পিনে চাই এটা বিকৃত হাহি মাৰিলে। তাৰ চকু দুটা জ্বলি উঠিছিল। মই ভয়ত কটিগৰ পৰা দৌৰি পলাবলৈ ললো। দৌৰি দৌৰি যেতিয়া কুৱাঁটোৰ কাষ আহি পালো তেতিয়াই মোৰ আগত আহি এটা অগ্নিকুণ্ডই বাধা দিয়ে । মই বিষ্ময়ত দুখোজ পিছুৱাই আহিলো । অগ্নিকুণ্ডত সুষ্পষ্ট দেখিলো এটা লাশ জ্বলি আছে । মই আগতে শশ্মান ঘাটত লাচ জ্বলোবা দেখা পাইছো । সেয়ে ইয়াক ইমান ভয়াবহ নালাগিল । কিন্তু লাচটো কাৰ? মনত কৌতুহল লৈ মই অগ্নিকুণ্ডটোৰ কাষলৈ গলো । কাষলৈ গৈ থকা সময়ত লাচটোৰ মুৰটো পিচমুৱা হল। মই বুজিবলৈ বাকী নাথাকিল এয়া সেই ছোৱালীজনীৰ লাচ যাক মই অলপ আগেয়ে কটিগৰ চাদত ফাঁচিত ওলমি থকা দেখা পাইছো। ভয়ত মই থৰ হৈ ৰলো। মোৰ ভৰি দুখন যেন দুটা ডাঙৰ ডাঙৰ শিলৰ দৰে হৈ পৰিছে। এসময়ত পুৰি থকা লাচটোৱে চিৎকাৰ কৰি উঠিল। লাচটোৰ চিৎকাৰ শুনি মই হিতাহিত জ্ঞান ওভোটাই পালো। বুজিলো মই ইয়াৰ পৰা পলাব লাগিব। সেয়ে ঘুৰি আকৌ কটিগৰ দিশত ওলোটাই দৌৰিলো কিছুদুৰ যোৱাৰ পিছতে দুখন পেশীবহুল হাতে মোক গবা মাৰি ধৰিলে। মুৰ তুলি দেখিলো কেইজনমান কলা ডাঙৰ দীঘল মানুহে মোক ধৰি লৈ গৈ আছে। মই ইমানেই ক্লান্ত হলো যে সিহঁতক বাধা দিয়াৰ শক্তি মোৰ নহল। সিহতে চিৰি বগাই মোক কটিগৰ চাদলৈ লৈ গল। চাদ পোৱাতেই সিহতে মোক এটা দুলি থকা কাঠৰ ফ্ৰেমত হাত ভৰি বান্ধি দিলে। মই কটিগৰ চাদৰ পৰা মাটিৰ পিনে মুৰ কৰি চালো ।
তলত মই এদল অপেক্ষাৰত জনতাক দেখিছো , কিন্তু সিহঁতৰ কাকোৱেই মই চিনি নাপাওঁ। তাৰ পিছত মই শুনিলো কোনোবাই যেন মোক কৰ্কশ মাতেৰে কৈছে " তিনিজন মানুহক হত্যাৰ অপৰাধত তোমাক অহিবলগীয়া ৰবিবাৰে প্রার্থনাৰ সময়ত ফাঁচিকাঠত ওলোমোৱা হব।" এজন একেবাৰে বিশ্রী চেহেৰাৰ মুখত খোঁচ খোঁচ দাড়িথকা , বগা কাপোৰ পৰিহিত মাজ বয়গৰ লোক এজনে আহি প্ৰচণ্ড জোৰে মোক চৰ শোধালে। কষ্টত মই কান্দিবলৈ ধৰিলো। চাৰিওফালে তেতিয়া হাঁহিৰ ৰোল। তেতিয়া দেখিলো মানুহজনে তেওঁৰ হাতৰ পৰা আঙুঠি এটা খুলি এডাল লোহাৰ ৰদেৰে ধৰি জুইত গৰম কৰি আছে। এলিচৰ ডায়েৰীটো পঢ়ি মই গম পাইছো এতিয়া কি হবলৈ গৈ আছে। সেই লোকজনে আঙুঠিটো গৰম কৰি মোৰ কপালখনত লগাই দিব। আতংকত মোৰ হাত ভৰি অসাৰ হৈ পৰিল। দেহৰ সৰ্বশক্তিৰে মই হাত ভৰিৰ বান্ধোন খোলাৰ চেষ্টা কৰিলো। কিন্তু যিমানেই চেষ্টা কৰিছো বান্ধোনৰ ৰচীবোৰ যেন মোৰ মাংস কাটি আৰু গভীৰলৈ সোমাই গৈছে। আঙুঠিটো ৰঙা হৈ পৰিছে। সেইটো ৰদেৰে ধৰি পিনে মানুহজন আগবাঢ়ি আহিছে। সকলো যেন শ্লোমোচনৰ দৰে হৈ পৰিছে। যেন অনন্তকাল লাগিব মানুহজনে মোৰ কাষলৈ আহি পোৱাত। ধীৰে ধীৰে মানুহজনে গৰম আঙুঠিটো মোৰ কপালত লগাবলৈ আহি আছে। মই যিমান সম্ভৱ মুৰটো বেঁকা কৰি হালি পৰিছো। কিন্তু শেষ মুহূৰ্তত মানুহজনে মোৰ কাষত আহি পালে। উত্তপ্ত আঙুঠিটো মোৰ কপালত লগাই দিলে.। মই ইমানদিনে জানিছিলো মানুহৰ সপোনৰ কোনো ৰং নাথাকে। সপোনত মানুহে স্পৰ্শ ব্যাথা অনুভব নকৰে। কিন্তু ৰাতিৰ সপোনত মই উত্তপ্ত কয়লাৰ ৰঙা ৰং দেখিছো। তাৰপিছত মানুহজনে যেতিয়া মোৰ কপালত আঙঠিটো লগাই দিলে তেতিয়া এনে লাগিল মোৰ কপালত এটা বুলেট সোমাই গৈছে। যেন কপাল পুৰি হাড় ভেদ কৰি মোৰ মস্তিস্কক চুই চাইছে। ইমান বেছি যন্ত্রনা হৈছিল যে মই টোপনিৰ পৰা চিৎকাৰ কৰি উঠি বহিলো । যি হওক । এটা ভয়াবহ স্বপ্নৰ পৰা বাছিলো মই । আজি টোপনিৰ পৰা উঠাত বহুত দেৰি হৈ গল। আজি অফিচ যে কি হব? জপিয়াই বিচনাৰ পৰা নামি খৰধৰকৈ ব্ৰাছ কৰি অফিচলৈ ওলাই আহিলো। দেৰি হোৱা বাবে একো খাবলৈ সময় নহল। অফিচ গৈ পোৱাত আধা ঘন্টা দেৰি হল । যিটো অফিচৰ প্রধান মানুহজনে অফিচ আহোতে আধাঘন্টা লেট কৰে সেই অফিচৰ ভবিষ্যত অন্ধকাৰ। সকলোৰে আগত শিৰ নত কৰি নিজৰ ৰুমলৈ আহি বহিলো। মই এইবোৰ আৰু সহ্য কৰিবলৈ নোৱাৰা হৈছো। এলিচৰ এইবোৰ এই বিচাৰি উলিয়াবই লাগিব। যিমান সোনকালে সম্ভব। এইবোৰ উদ্ভট সপোনৰ অন্তৰালত নিঃসন্দেহে তাইৰ হাত আছে। কিন্তু মোক এইবোৰ দেখুৱাই তাইৰ লাভ কি? প্রকৃতপক্ষে তাই কি বিচাৰে মোৰ পৰা ? তাই কি সচাকৈ বন্ধুপ্রতিম? নে বন্ধুত্বৰ নামত মোৰ জহত এই জীবন্ত জগতত উভতি আহিবলৈ খোজে ? মই একোৱেই নাজানো। ইমানবোৰ প্ৰশ্ন মুৰত লৈ মই অফিচৰএকো কামতে মনযোগ দিবলৈ নোৱাৰিলো .............
আজি অফিচৰ সময়খিনি যেন খুব সোনকালে পাৰ হৈ গল । অফিচৰ শেষত মই কটিগলৈ আহিবলৈ নাজানো কিয় ভয় লাগিছে। এনে লাগিছে যেন মোৰ ঘৰত মই নিৰাপদ নহয়। তাত হয়তো আজি ৰাতি যিতি হব পাৰে। যোৱাকালিৰ ৰাতিৰ সপোনটোৱে যেন ইংগিত দিছে। আজি বাহিৰতে এখন ৰেষ্টুৰেন্টত ডিনাৰ কৰিলো। সাধাৰণতে মই বাহিৰত নাখাও । কিন্তু আজি অফিচৰ শেষত ঘৰলৈ আহিবলৈ ইচ্ছা নাছিল সেয়ে বাহিৰতে কিছু সময় কটালো। তাৰ পিছত নিজৰ মনক বহুতো কথাৰে শান্তনা দি ঘৰলৈ অহাৰ সিদ্ধান্ত ললো। ওভতি আহোতে সূর্যাস্ত হৈ গৈছে। গধুলিৰ আন্ধাৰত কটিগটো সেই অভিশপ্ত গীর্জাৰ অবয়ব ধাৰণ কৰিছে । মনৰ মাজত চেপি ৰখা ভয়টোৱে আকৌ লগ দিলে । গেৰেজত গাড়ীখন পার্ক কৰি মই কটিগৰ পিনে যাবলৈ ধৰিলো । আহি আহি হঠাৎ মনে হঠাৎ প্রশ্ন জাগিল কি হব যদি যোৱাকলিৰ সপোনটো এতিয়া সঁচা হৈ যায় ? যদি চাদৰ পৰা চাদৰ পৰা এটা মৰা লাচ ফাঁচিত ওলমি দুলি থাকে।এইবোৰ ভাবি মই কটিগৰ চাদলৈ চকু দিলো। গধুলিৰ আন্ধাৰত সকলো অস্পষ্ট। সচাকৈ কিবা দুলি আছেনে সেয়া জানিবলৈ মই আৰু কাষলৈ যাব লাগিব। বুকুৰ ভিতৰত হৃদপিণ্ডটোৱে হাতুৰিৰে কোবোৱাৰ দৰে কোবাই আছে ।মই দিও নিদিওঁ খোজটোৰে কঁপা কঁপা ভৰিৰে আগুৱাই গৈছো সেই অভিশপ্ত কটিগটোৰ দিশে।
(আগলৈ)
daini part 10 assamese novel
কটিগৰ চাদখন একেবাৰে খালী। তাত কোনো ওলমি থকা নাই। সমান্য এটা সপোনক লৈ মই ইমান ভয় কৰিছো । কথাটো ভাবি নিজৰে হাঁহি উঠিল। আনন্দত ঘৰৰ দৰ্জাখন খুলি ভিতৰত সোমালো। উহঃ, ঘৰৰ ভিতৰত একদম ঘিট মিট আন্ধাৰ ! অন্ধকাৰত খেপিয়াই খেপিয়াই ছুইচটো বিছাৰিবলৈ ধৰিলো হঠাৎ কিবা এটাত লাগি উজুটি খাই পৰা গলো। মুৰটো ওখ যেন কিবা এটাত লাগি দুখ পালো । বিষত মোৰ জ্ঞান হেৰাল।...
যেতিয়া চকু মেলিলো নিজক এখন পাৰ্শবর্তী খ্ৰিষ্টান চিমেট্রিত আবিষ্কাৰ কৰিলো। চাৰিওফালে কেবল কবৰ। কবৰৰ ওপৰত ফলকত লিখা আছে মৃত মানুহবোৰৰ নাম। মই অপ্রস্তুত হৈ এটা এটাকৈ চাবলৈ ধৰিলো কবৰবোৰ। হঠাৎ এটা কবৰৰ নাম ফলকত দৃষ্টি নিবদ্ধ হল । তাত লিখা আছিল, "চেৰিয়ান জোচেফ ভেলমন্ড, গীর্জাৰ সম্মানিত প্রিষ্ট । ১৪২০-১৪৯৮।" মনটোত ভাব আহিল এয়াই সেই নৰপশু প্রিষ্টৰ কবৰ। তাৰ কবৰৰ কাষত আছে নাম ফলকত খোদিত কৰা এটা আঙঠিৰ চিহ্ন। সেই আঙুঠি যিটোৰে ডাইনীবোৰৰ কপালত দাগ দিছিল । এই আঙঠিটোৱেই মই সপোনত দেখিছিলো । যি হওঁক , আৰু কোন সন্দেহ নাই এয়াই সেই চয়তানৰ কবৰ। ঘৃনা বুকুৰ গভীৰ পৰা ওলাই আহিল। মনে মনে প্রতিজ্ঞা কৰিলো জীবনত যদি কেতিয়াবা এই চহৰত ইলেকচন জিকিব পাৰো ১ম কামটোৱে এই চয়তানৰ কবৰটোৰ ওপৰত এটা পাব্লিক টয়লেট স্থাপন কৰা । আইডিয়াটো মোৰ খুব ভাল লাগিল । চাৰিওফালে চাই দেখিলো আশেপাশে কোনো নাই। মনত এটা দুষ্টু বুদ্ধিৰ উদয় হল। ভবিষ্যতৰ পাবলিক টয়লেটৰ উদ্ধোধন আজিয়েই কৰিলে কেনে হয় ? চয়তানটোৰ কবৰত এতিয়াই প্ৰস্ৰাৱ কৰিব মন গল। কৰিলো। শেষত থুৱাই দিলো তাত। তাৰ পিছত দুটামান গোৰ মাৰি কবৰৰ নামফলকখন ভাঙি মাটিত পেলাই দিলো এতিয়াহে মনটো সন্তষ্ট হৈছে। এতিয়া মই কটিগলৈ আহিব লাগিব। ৰাতি বহুত হল। অভিশপ্ত কবৰটোৰ পৰা যেতিয়া গুচি আহিবলৈ খুজিলো লগে লগে মাটি ফুটি এখন হাত ওলাই আহি মোৰ ভৰিত খামোচি ধৰিলে। জোনাকী ৰাতিৰ পোহৰত স্পষ্টকৈ দেখা পাইছো। হাতৰ মধ্যমা আঙুলিত জল জল পট পটকৈ জিলিকি উঠিছে ৰঙা আঙঠিটো । ভয়তে মই চিঞৰি দিলো। কি অসুৰিক শক্তি আছে হাতখনত। মোৰ ভৰিখনত এনেকৈ ধৰিছে যেন টানিহে লৈ যাব। মই প্ৰাণে পণে আনখন ভৰিৰে সমস্ত শক্তি প্ৰয়োগ কৰি ওলাই আহিব চেষ্টা কৰিলো। কিন্তু একো কামত নহল। এবাৰ হঠাৎ মোক কবৰৰ ভিতৰলৈ টানি নিলে। মই সোমাই পৰিলো কবৰৰ ভিতৰত।
ভিতৰত একেবাৰে অন্ধকাৰ। একো দেখা পোৱা নাযায়। আনকি আঙুঠি পিন্ধা সেই হাতখনো নাই। এনে লাগিল যেন সেই হাতখনৰ মানুহজন মোৰ কাষতে আছে মোক শাস্তি দিয়াৰ বাবে। হঠাৎ মনত পৰিল মোৰ লগত ফোনটো আছে। সেইটোৰ পোহৰত অলপ হলেঁও ভিতৰখন চাবলৈ পাৰিম । প্রয়োজন হলে সহায়ৰ কাৰণে পুলিচক ফোন কৰিম । পকেটৰ পৰা ফোনটো উলিয়াই আনিলো। পোহৰত দেখা পালো। আৰে এইটো সেই কবৰৰ ভিতৰখন নহয়। এয়া মোৰ নিজৰ কটিগটো। কাষত দেখিলো এটা ফুলৰ টাব ভাঙি পৰি আছে। বুজিলো ঘৰটোৰ ভিতৰত সোমাওঁতে এই টাবটোত উজুটি খাই পৰি জ্ঞান হেৰুৱাইছিলো । কবৰস্থান আৰু প্ৰিষ্টৰ কবৰৰ ঘটনাটো অজ্ঞান অবস্থাত দেখা এটি দুঃস্বপ্ন। এটা দীৰ্ঘ শ্বাস লৈ মই উঠি বহিলো । তাৰপিছত অনুভৱ হল মোৰ কাপোৰ তিতি গৈছে ! হায় ঈশ্বৰ ! মই সপোন দেখি দেখি ইমানখিনি কৰিলো। ধেৎ। মোবাইলৰ পোহৰেৰে চুইবোৰ্ডখন বিচাৰি লাইট জ্বলালো। উজ্জ্বল পোহৰত যত বহি আছিলো সেয়া চালো।মোৰ প্রস্রাবখিনিয়ে কাৰ্পেটখন তিয়াই পেলাইছে তাত এটা গোলাকাৰ দাগ উঠিছে। মই সপোনত দেখা সেই আঙুঠিটোৰ আকৃতিৰ দৰে । কিন্তু এই আঙঠিৰ ৰহস্যটো কি? এলিচে কি এই আঙঠিটোৰ বাবে ইমান দিনে ইয়াত আছে। সম্ভবত তাই বিচাৰিচে যেন মই আঙঠিটো আনি দিব লাগে । অন্ততঃ উদ্ভট স্বপ্ন বোৰে মোক সেই ইঙ্গিতেই দিছে। অলপ আগেয়ে তাই মোক দেখুৱাই দিছে আঙঠিটো কত আছে। খ্ৰিষ্টান কবৰস্থানৰ সেই মৃত প্রিষ্টৰ কবৰৰ ভিতৰত । চকু বন্ধ কৰাতেই সেই আঙঠি পিন্ধা হাতৰ ছবি মনত ভাহি উঠিল , যিখনে মোৰ ভৰিত টানি ধৰিছিল । উহঃ। মই আৰু ভাবিবলৈ পৰা নাই । মুৰত আঘাতৰ যন্ত্রনা, প্রস্রাবৰ উৎকট গোন্ধ , দিনটোৰ ক্লান্তি সকলো মিলি এখন নকৰক দৰে হৈ পৰিছে। মই সকলো উপেক্ষা কৰি , বাথৰুমত গা ধুবলৈ সোমালো ।
গা ধুই ধুই হঠাৎ আইনালৈ চকু গল । মোৰ প্রতিবিম্ব দেখিলো। কপালখন ফুলি এটা আলু গজি উঠিছে । এয়া পৰি কপালত দুখ পোৱাৰ প্ৰমান । ইচ। কিয় যে মোবাইলৰ ফ্লাচটো জ্বলেৱাৰ কথা প্রথমতে মুৰলৈ নাহিল । তেতিয়াহলে ইমানখিনি নহলহেঁতেন । এইবোৰ যেতিয়া ভাবি আছিলো তেতিয়া লাহে লাহে আইনাত মোৰ চেহেৰাটো সলনি হবলৈ ধৰিছিল। হঠাৎ তাত এলিচৰ চেহেৰাটো ফুটি উঠিল । এলিচক এতিয়া বিৰক্ত লগা হৈছে। এতিয়া তাইক দেখি আগৰ দৰে ভয় বা আনন্দ একোৱেই নালাগে। মুখত স্পষ্ট বিৰক্তি লৈ মই তাইক চাই থাকিলো। অলপ সময় পিছত তাই নিজে গুচি গল। কিন্তু আইনাত পানীৰ কণিকাবোৰে আকাৰ ললে। লিখা গল , "আঙঠিটো জ্বলোৱা। মোক মুক্তি দিয়া।"
লেখাটো মচি নোযোৱা পৰ্যন্ত মই সেয়া চাই থাকিলো। প্রকৃতপক্ষে কি বিচাৰে এলিচে ? প্রথমতে মোক তাই ডায়েৰী পঢ়িবলৈ জোৰ কৰিলে । এতিয়া আৰু এটা আঙঠি বিছাৰিছে যিটো কবৰৰ ভিতৰত প্রিষ্টৰ লাচৰ হাতত পিন্ধা আছে। কি কৰিব খোজে সেই আঙঠিটোৰে। সেইটো আনি নিদিলেও মোৰ ক্ষতি কৰিব নেকি? আৰু আনি দিলে এই সপোনবোৰে মোৰ পিছ এৰা দিব নে। এই প্ৰশ্নবোৰে মোক পাগল কৰি দিছে । মোক সমাধান লাগে । গা ধুই দেহতো অলপ পাতল যেন লাগিছে। বাহিৰলৈ ওলাই অহা মাত্ৰেই এটা নাৰী কণ্ঠই মোৰ নাম কাঢ়ি মাতিবলৈ ধৰিলে। এক অমোঘ আকর্ষণ আছে সেই মাতত। মই মোহিত হৈ আগবাঢ়ি গলো সেই মাতটোৰ দিশত। আগৰ দৰে সেইটো মাত লাইব্ৰেৰীৰ পৰা অহা নাই। সেয়া আহিছে মোৰ ঠিক ভৰিৰ তলৰ পৰা। বেচমেন্ট! এলিচে মোক সেই বেচমেন্টৰ বন্দিশালালৈ মাতিছে ? কিন্তু তাত তো সম্পূর্ণ অন্ধকাৰ। বেচমেন্টত বিদ্যুৎ সংযোগ লগোৱা হোৱা নাই । মই সেই মাত উপেক্ষা কৰি এবাৰ মোৰ বেডৰুমত উভতি আহি দুই গ্লাছ পানী পিলো । মাতটো তেতিয়াও শুনি আছো। । মোৰ মনৰ এটা অংশই কৈছে বেচমেন্টত গৈ মই চাই অহা উচিত, এলিচে কিয় মাতিছে । হয়তো তাই মোক এনেকুৱা কিবা দেখুৱাব খোজে যিয়ে তাইৰ আত্মাৰ মুক্তিত সহায় কৰিব। মনৰ এটা অংশই কৈছে মই এলিচৰ পৰা দূৰত থকা উচিত। যিয়েই নহওক তাই এটা অশৰীৰী।সেই অন্ধকাৰ বেচমেন্টত তাই মোৰ কিবা ক্ষতি কৰিবলৈ পাৰে ! কিছুসময় ভাবি এই দুয়ো মনৰ যুদ্ধত অনুসন্ধিৎসু মনটোৱে বিজয়ী হল। মই বেচমেন্টৰ দৰ্জা খুলি ফোনটোৰ টৰ্চ জ্বলাই ভিতৰত সোমালো। । চিৰি নামি নামি যিমানেই গৈ আছো মাতটো যেন গভীৰ হৈ আছে। এটা সময়ত তললৈ আহি পালো। বুজিলো মাতটো আহিছে ৩ নম্বৰ চেলৰ ভিতৰৰ পৰা । ভয়ত হৃদপিণ্ডটো যেন গললৈ উঠি আহিছে । সমস্ত মানসিক শক্তি একত্রিত কৰি মই সেই চেলটো ফোনৰ পোহৰেৰে চালো । নাই । বাকী চেলবোৰ দৰে সেইটোও সম্পূর্ণ খালী । সেই পুৰণি দিনৰ দৰে চেলত কোনো তলা নাই । ভিতৰত কোনো বন্দীও নাই । তাৰপিছতো চেলত যেন নিষ্ঠুৰতাৰ ছাপ অলপো কমা নাই । হঠাৎ মনত ইচ্ছা জাগিল , ভিতৰৰ পৰা সোমাই চালে কেনে হয় ? মই জানিব খোজো কিদৰে এলিচ আৰু মার্টিনী ইয়াতে জীবনৰ শেষ দিনবোৰ কটাইছিল । দৰ্জাখন খুলি ভিতৰ সোমালো । ৮ ফুট বাই ৮ ফুটৰ এটা বর্গাকাৰ চেল। চাৰিওফালে পাথৰৰ দেৱাল । মাত্ৰ সমুখত আছে লোহাৰ ৰদৰ ৫ ফুট বাই ৩ ফুটৰ এখন দৰ্জা , কয়দীক ভিতৰলৈ অনা নিয়াৰ বাবে । ভিতৰখন সম্পূর্ণ খালী। কোনো আচবাব নাই । এইবোৰ চাই ফুৰোতে হঠাৎ চেলৰ দৰ্জাখন ঠাচকৈ বন্ধ হৈ গল ! মই পাগলৰ দৰে দৰ্জাত টানি সর্বশক্তিৰে প্ৰয়োগ কৰিবলৈ ধৰিলো । কিন্তু তলা নথকা সত্বেও দৰ্জাখন বাজি গৈছে । হায় হায়। এই শতাব্দী প্রাচীন বন্দিশালাত এতিয়া মই বন্দী হৈ পৰিছো ! নে এলিচে মোক ইয়াত বন্দী কৰি ৰাখিছে ! ভয়ৰ এক ঠান্ডা স্রোত মোৰ দেহৰ মাজেৰে বৈ গল ! এবাৰ মনত পৰিল মোৰ হাতত থকা মোবাইলটোৰ কথা। মই পুলিচক মেছেজ দি মোক উদ্ধাৰৰ কাৰণে মাতিব পাৰো। কিন্তু ফোনটো চোৱাতেই সেই আশা পানী হৈ গল। ফোনৰ নেটৱৰ্ক নাই। কানেকচন লষ্ট। তাতকৈও ভয়াবহ কথাটো হল ফোনত মাত্র ৪% চার্জ আছে। অলপ সময় পিছত ফোনৰ পোহৰ বন্ধ হৈ যাব। মই ভয়ত গল ফালি যোৱাকৈ চিঞৰি আছো। যদিও জানো এই বিশাল শূন্য কটিগত কোনোৱে মোৰ চিৎকাৰ শুনা নাপায় । চেলৰ দৰ্জাত ঢাক্কা মাৰি মাৰি মোৰ কান্ধখনো বিষাবলৈ ধৰিছে। । তাৰ পিছতো খোলা যোৱা নাই দুৱাৰ । এসময়ত লো বেটাৰি চিগনেল দি ফোনটো অফ হৈ গল । আন্ধাৰে গোটেই চেলটো গ্রাস কৰিলে । অবিশ্বাস্য ভাবে বন্ধ বেচমেন্টৰ ভিতৰতে এজাক বতাহ আহি মোৰ শৰীৰৰ কাপোৰখন খুলি নিলে । চেলৰ ভিতৰত খেপিয়াই খেপিয়াই মোৰ কাপোৰখন বিচাৰি ফুৰিলো। নাই হাতত নালাগিল।মোৰ এয়াই ভয় আছিল । এলিচৰ মৃত্যুৰ শ শ বছৰ পিছত, তাইৰ চেলত , তাই দৰে সম্পূর্ণ নগ্ন অবস্থাত মই বন্দী হৈ পৰিছো !
(আগলৈ )
তৰোৱালধাৰী দুজনে মোক ঠেলি ঠেলি চাদৰ এটা কোনলৈ লৈ গল। উপস্থিত মানুহবোৰে প্রবল হৰ্ষধ্বনি দি মোৰ আসন্ন মৃত্যুক স্বাগতম জনাইছে ।মই মা ক শেষবাৰ চাবলৈ হৃদয়ত এক প্রবল আকুতিৰ অনুভব কৰিলো। জীবনত কিমান যে দুখ দিছো মাক । মায়ে মোক যি কামত বাধা দিয়ে মই সেয়াই প্ৰথমে কৰো। মাৰ অবাধ্য হোৱাটোৱেই মোৰ এটা থ্রিল আছিল। কিন্তু তাৰ পিছতো মায়ে মোক খং কৰিলেও পিছত আকৌ মোক বিছাৰি সমানেই মৰম কৰি গৈছিল। । মাৰ মৰমলগা চেহেৰাটো মোৰ চকুৰ আগত ভাহি উঠিল। । হঠাৎ অনুভব কৰিলো কোনো এজনে মোক চাদৰ পৰা তলত পেলাই দিছে। কিন্তু একদম মাটিত আচোৰ খাই পৰাৰ সলনি মোৰ গলত থকা ৰচীডালে মোক মাটি চুবলৈ নিদিলে। মই আধাতে দুলি থাকিলো। হে ভগবান ! সিহতে মোক ফাচি দিছে। ! মই মৰিছো !উশাহৰ অভাবত হাওঁফাওঁটো যেন ফাটি যাব। হৃদপিণ্ডটো লাহে লাহে শান্ত হবলৈ ধৰিছে। অনুভব কৰিলো গোটেই শৰীৰটো জিন পৰিবলৈ আৰম্ভ কৰিছে। কষ্টবোৰ লাহে লাহে কম হবলৈ আৰম্ভ কৰিছে। । নিঃসীম কলা আন্ধাৰে মোৰ চকু দুটা চানি ধৰিলে।
Daini part 11 ডাইনী assamese novel
. . click here to read part 10ভয়ত চিঞৰি চিঞৰি এনে লাগিল যেন গলটো ফাটি তেজ ওলাব। । না ।এনেদৰে মুৰ গৰম কৰিলে ইয়াৰ পৰা ওলাব পৰা নাযাব। এলিচৰ দৰেই গোটেই জীৱনৰ বাবে ইয়াত বন্দী হৈ থাকিব লাগিব। মাৰ উপদেশবোৰ মনত পৰিল। । বিপদৰ সময়ত মুৰটো ঠাণ্ডা কৰি নাৰাখিলে কেতিয়াও সমাধান নাহে। ক্লান্ত হৈ মাটিত বহি দীঘল দীঘল উশাহ লবলৈ ললো। এটা সময়ত উত্তেজনা আৰু ভয় প্ৰশমিত হল। স্থিৰ হৈ ভাবিবলৈ ধৰিলো। কিমান যে গুৰুতৰ ভূলৰ বাবে মই ইয়াত বন্দী হৈ পৰিছো। ১ম ভূল হল এলিচক বিশ্বাস কৰা। তাইক বন্ধু বুলি ভবা। এটা অশান্ত আত্মাই কেতিয়াও কাৰো বন্ধু হব নোৱাৰে। মই কেতিয়াও এলিচৰ মাতক কাণসাৰ কৰিব নালাগিছিল। তাইৰ ডায়েৰী মতে একাকীত্বই তাইক ক্ষুধা , পিয়াহ , চাবুকৰ কোবতকৈও বেছি কষ্ট দিয়ে। সেইবাবে কি তাই মোক মাৰি তাইৰ দৰে অশৰীৰী কৰি ৰাখিবলৈ খোজে। একমাত্ৰ তাইৰ সংগী ৰুপত। মনত পৰি এবাৰ টিভিত এটা হৰৰ শ্বো ত এজন পেৰানৰ্মেল ইনভেষ্টিগেটৰে কৈছিল যে ভয় হল আত্মাৰ প্ৰধান অস্ত্র। সিহতৰ কোনো আকাৰ আকৃতি, স্থিতি-জড়তা নাই । সেয়ে সিহতে কাকো ডাঙি চেপি হত্যা কৰিব নোৱাৰে। কিন্তু চিকাৰক ভয় দেখুৱাই থাকে যেতিয়ালৈ ভিক্টিমে অতিৰিক্ত ভয়ত হার্ট এটেক্ট হয় বা নিজৰ মানসিক ভাৰসাম্য হেৰাই পেলায় । ভয় নকৰিলে সিহঁতৰ হাতত মৃত্যুৰ আশংকা ৯৯ ভাগ কমি যায়। । মই টিভিত দেখুওৱা এইবোৰ বিশ্বাস নকৰো। কিন্তু পৰিস্থিতি এনেকুৱা হৈছে যে বিশ্বাস নকৰিলে মোৰ উপাই নাই। মনেমনে প্রতিজ্ঞা কৰিলো আজি যদি ইয়াতে মৰিবলৈ লাগে তেতিয়া হলে ভয়হীন ভাবে নিজৰ আত্মসম্মান লৈ মৰিম । এলিচৰ ভয়ত হার্ট ফেইল কৰি মৰিম। চিঞৰি কলো , "এলিচ । তুমি হয়তো মোক মাৰি পেলাব পাৰিবা কিন্তু ভয় দেখুৱাব নোৱাৰিবা।" বন্ধ কোঠাত মোৰ চিঞৰে প্ৰতিধ্বনি সৃষ্টি কৰিলে।
ভয় আতৰ কৰাৰ বাবে মাটিত বহিয়েই গুনগুনাই গান গাবলৈ ধৰিলো। কেতিয়া যে টোপনি আহিল গমেই নাপালো। যেতিয়া চকু মেলিলো দেখিলো চিৰিত ৰদৰ পোহৰ পৰিছে। মোৰ ভয়লগা সেই ৰাতিটো পাৰ হৈ গৈছে। ৱাও। মই বাচি আছো। কিন্তু ৰাতি কিহে মোৰ চেলৰ দৰ্জাখন বন্ধ কৰিছিল। ! ভাবিয়েই উঠি গৈ চেলৰ দৰ্জাখন পৰীক্ষা কৰিলো। আচৰিত। দৰ্জাৰ বাহিৰত লগোৱা আছে এটা প্ৰকাণ্ড তলা। তাৰমানে গোটেই ৰাতি মই থকা এই চেলত কোনোৱা আহি মোক তলা মাৰি গৈছে। কিন্তু কোন। এলিচ নেকি। কিন্তু তেনে নালাগিল। লাইব্ৰেৰীত বহুদিন এলিচে মোক দৰ্জা বন্ধ কৰি বন্দী কৰি ৰাখিছে। কিন্তু তেতিয়াতো তাইক তলাৰ প্ৰয়োজন হোৱা নাই। !কিন্তু এতিয়া তলাৰ প্ৰযোজন কিয়। কথাটো পৰিষ্কাৰ হৈ পৰিছে। এয়া মানুহৰ কাম। ওচৰে পাজৰে মানুহ থাকিব পাৰে বুলি মই কাপোৰবোৰ থিক থাক কৰিব ললো। মনত পৰিল আগদিনা ৰাতি গা ধুই মই টাৱেল এখন পিন্ধি ইয়ালৈ আহিছিলো। কিন্তু সেয়া এতিয়া মই ৰাতিৰ পৰা বিচাৰি পোৱা নাই। তাৰ সলনি চেলৰ এটা কোনত আছে বাদামী ৰঙৰ এক প্ৰস্থ কাপোৰ.। ! অগত্যা সেয়া পিন্ধি ললো গাত। তেতিয়াই মই ভৰিৰ শব্দ শুনিবলৈ পালো। চিৰিৰে নামি মোৰ পিনে আহি আছে। নিজকে প্ৰশ্ন কৰিলো কোন হব পাৰে। কি বিচাৰে মোৰ পৰা। কিন্তু উত্তৰটো মই নাজানো।
কাৰাগাৰ ৰদৰ সিপাৰে বিচিত্র বেশভূষাৰ বহুজন বিশালদেহৰ পুৰুষ আহি উপস্থিত হল। আশ্চর্য কথাটো হল সিহঁতৰ সকলোৰে দেহ বর্মাবৃত, আৰু হাতত দীঘল তৰোৱাল। তাৰ মাজত এজনৰ হাতত তৰোৱালৰ সলনি আছে এডাল চামৰাৰ চাবুক। এই বন্দুকৰ যুগত সিহতৰ এনে অস্ত্র শস্ত্ৰ দেখি মোৰ নিজৰে হাহি ওলাই আহিল। মনে মনত ভাবিলো ইচ, মোৰ ডিজাৰ্ট ঈগলটো (মোৰ লাইচেন্চ থকা পিষ্টল ) এতিয়া যদি মোৰ হাতত থাকিলহেঁতেন আটাইকে এতিয়াই জীৱনৰ শিক্ষা দিলোহেঁতেন। মোক গোটেই ৰাতি ইয়াত বন্দী কৰি ৰখাৰ শিক্ষা এয়াই। কিন্তু ভাগ্যৰ কি নির্মম পৰিহাস । পিস্তলটো মই বেডৰুমত , ড্রেচিং টেবুলৰ ড্রয়াৰত থৈ আহিছো। । সিহত তিনিজনৰ দুজন বাহিৰত থাকিল। চাবুকৱালাটোৱে দৰ্জা খুলি চেলৰ ভিতৰত সোমাই আহিল। সি সোমাই মোক সাৎ... সাৎ.... দুটা কোব দিলে। মোৰ শৰীৰত যেন জুই জ্বলি উঠিছে। কিয় মাৰিছে নাজানো। কিন্তু গোটেই শৰীৰটো জ্বলিছে। মই কষ্টত উঠি পলাবলৈ খুজিলো। মানুহজনে মোক চুলিত ধৰি টানি টানি চেলৰ পৰা বাহিৰ ওপৰলৈ নিবলৈ ধৰিলে। তাৰ তেনে ব্যবহাৰত মই চকুৰে সৰিয়হ ফুল দেখিছো । মানুহৰ প্ৰতি মর্যাদাবোধ বা সৌজন্য সিহঁতৰ মাজত নাই। । চিৰি বগাই যেতিয়া ওপৰলৈ উঠিলো তাতে এদল মানুহৰ কোলাহল শুনিবলৈ পালো। সিহতে মোক চিৰিৰে কটিগৰ চাদলৈ লৈ গল। চাদত গৈ দেখিলো তলত এদল মানুহ জমা হৈছে। মোৰ কটিগটোত ইমান মানুহে কি কৰি আছে। মই যেতিয়া সিহতক চাই থাকিলে চাবুকৱালাটোৱে আহি মোৰ হাত দুখন পিছলৈ বান্ধি দিলে। কি হৈছে এইবোৰ। বিষ্ময় আৰু ভয়ত মোৰ অন্ঠ কন্ঠ শুকাই গল। তৰোৱালধাৰী দুজনে মোৰ কাষলৈ আহি দুয়ো মোৰ কান্ধত জোৰকৈ ধৰি ৰাখিলে যাতে মই লৰচৰ কৰিব নোৱাৰো। ইমান শক্তি সিহতৰ যেন মোৰ হাড ভাঙি গুৰি হৈ যাব।সেই চাবুকৱালাটোৱে এডাল ফাচ লগোৱা গাঠিৰ মোটা ৰচী মোৰ গলত লগাই দিলে। হে ভগবান। মোক কি এতিয়া ফাচী দিব খুজিছে।
তৰোৱালধাৰী দুজনে মোক ঠেলি ঠেলি চাদৰ এটা কোনলৈ লৈ গল। উপস্থিত মানুহবোৰে প্রবল হৰ্ষধ্বনি দি মোৰ আসন্ন মৃত্যুক স্বাগতম জনাইছে ।মই মা ক শেষবাৰ চাবলৈ হৃদয়ত এক প্রবল আকুতিৰ অনুভব কৰিলো। জীবনত কিমান যে দুখ দিছো মাক । মায়ে মোক যি কামত বাধা দিয়ে মই সেয়াই প্ৰথমে কৰো। মাৰ অবাধ্য হোৱাটোৱেই মোৰ এটা থ্রিল আছিল। কিন্তু তাৰ পিছতো মায়ে মোক খং কৰিলেও পিছত আকৌ মোক বিছাৰি সমানেই মৰম কৰি গৈছিল। । মাৰ মৰমলগা চেহেৰাটো মোৰ চকুৰ আগত ভাহি উঠিল। । হঠাৎ অনুভব কৰিলো কোনো এজনে মোক চাদৰ পৰা তলত পেলাই দিছে। কিন্তু একদম মাটিত আচোৰ খাই পৰাৰ সলনি মোৰ গলত থকা ৰচীডালে মোক মাটি চুবলৈ নিদিলে। মই আধাতে দুলি থাকিলো। হে ভগবান ! সিহতে মোক ফাচি দিছে। ! মই মৰিছো !উশাহৰ অভাবত হাওঁফাওঁটো যেন ফাটি যাব। হৃদপিণ্ডটো লাহে লাহে শান্ত হবলৈ ধৰিছে। অনুভব কৰিলো গোটেই শৰীৰটো জিন পৰিবলৈ আৰম্ভ কৰিছে। কষ্টবোৰ লাহে লাহে কম হবলৈ আৰম্ভ কৰিছে। । নিঃসীম কলা আন্ধাৰে মোৰ চকু দুটা চানি ধৰিলে।


0 Comments