to read part 1 to 11 in one page click here

Daini part 12  ডাইনী assamese novel 

মোৰ দেহতো তেতিয়াও দুলি আছে আৰু গলটো বেঁকা হৈ আছে৷ঠিক সপোনত দেখা এলিচৰ লাচটোৰ দৰে…মুৰটো বহুত পাতল যেন লাগিছে৷ নিজৰ দেহৰ পিনে চালো ৷নিজৰ দেহৰ পিনে চালো ৷ দেহতো নিথৰ হৈ গৈছে৷অলপ আগেয়ে গাৰ পৰা কাপোৰ খনো খহি পৰিছে  ৷অজস্ৰ মানুহৰ মাজত মোৰ দেহতো নগ্ন হৈ দুলি আছে ৷ছি: ছি:৷কি লাজ৷তলত জমা হোৱা মানুহৰ কিছুমানে মোৰ পিনে চাই হাহিছে৷কিছুমানে বুকুত ক্ৰছ আকিছে৷তাৰ পিছত মানুহবোৰে এটা দুটাকে গুছি যাবলৈ ধৰিছে৷অলপ সময় পিছত চাবুকৱালাটোৱে মোৰ দেহতো টানি টানি চাদলৈ তুলি আনিলে৷তাৰ পিছত দেহটো এখন কলা কাপোৰেৰে ঢাকি দিলে৷মই সকলো দেখিছিলো৷বুজি পাইছো মই জীৱন্ত জগতৰ পৰা বহুত দুৰলৈ গুছি গৈছো ৷ ময়ো এলিচৰ দৰে এটা অশৰিৰী৷

সিহতে মোৰ দেহটো কাপোৰেৰে বান্ধি তললৈ লৈ গল৷ ময়ো গলো তেওঁলোকৰ পিছে পিছে৷খোজকাঢ়ি নহয়৷বতাহত ভাহি ভাহি ৷কটিগটোৰ লাইব্ৰেৰীত টেবুলত মোক শুৱাই দিলে৷তাৰপিছত মোৰ দেহটো সকলোৱে বেঢ়ি ধৰি মন্ত্ৰ পঢ়িবলৈ ধৰিলে৷বহুত আচৰিত সিহতৰ অনুস্থান ৷ যেতিয়া সিহত ব্য়স্ত আছিল মই লাইব্ৰেৰীটো ঘুৰি ঘুৰি চাবলৈ মন গল৷ লাইব্ৰেৰীটো একেদৰে আছে৷কিন্তু ওপৰৰ ফালে কিতাপৰ সংখ্্যা কম ৷ সিহতে মোৰ কিতাপ ধংস কৰিছে নেকি?অলপ সময় পিছত কাম শেষ হল৷

মোৰ দেহতো লাইব্ৰেৰীটোৰ পৰা নি বেডৰুমত প্ৰৱেশ কৰিলে৷সিহতে বেডৰুমটোও ৰাতিৰ ভিতৰতে সলনি কৰি দিছে৷যোৱাবাৰ শীতত কিনা লাইটোৰ সলনি কৰি মম জ্বলাইছে৷ৰুমৰ সিটোমুৰৰ পৰা প্ৰিষ্টে সোমাই আহি মোৰ গাত holly water ছটিয়াই দিছে৷চয়তানজনে আজি বহুত অদ্ভুত পিন্ধি আছে্৷মুৰত কলা অলংকাৰ খোদিত বেল্ট ৷গাত নোমাল ৰঙা কাপোৰ৷কিচুসময় পিছত সি মোক নি বিছনাত শুৱাই দিলে্৷যিসকলে মোক লৈ আহিছিল এজন এজন কৈ গুছি গল৷বেডৰুমত থাকিলো মাত্ৰ প্ৰিষ্ট আৰু মই৷ বুজি পালো এলিচৰ ডায়েৰীটোৰ কথাবোৰ সঁচা হবলৈ ধৰিছে৷সি মোৰ দেহটোৰ ওপৰত উঠিল৷উঠক৷মই আৰু সেইটো দেহত নাই৷মই জাগতিক দেহৰ পৰা মুক্ত৷


প্রিষ্টে বিছনাত উঠি  নিজৰ গাৰ  কাপোৰ  খুলিবলৈ লাগিল। মই আৰু এইবোৰ সহ্য কৰিবলৈ নোৱাৰা হলো। তাক  মোৰ  মৃতদেহটোক  ভোগ কৰাৰ মুক্ত স্বাধীনতা দি  মই  বেডৰুমৰ পৰা লাইব্ৰেৰীলৈ গুচি আহিলো । মই মাত্ৰ চাবলৈ বিছাৰিছিলো  লাইব্ৰেৰীত এলিচৰ ডায়েৰীটো আছেনে নাই। সিহতে সম্ভব সেইটো লৈ গৈছে। । যি  ভাবিছিলো সেয়াই হল। । নাই ।  কাষৰ  বেডৰুমৰ পৰা   প্রিষ্টৰ যৌন সুখৰ  গেঙনি  শুনা গৈছে । কি বিকৃত মস্তিষ্কৰ এই মানুহটো ! এনে লাগিল সি  স্ৰষ্টাৰ সৃষ্টি জগতৰ  বাহিৰৰ , এটা  চয়তানৰ সৃষ্টি। কিম্বা নিজেই এটা ছদ্মবেশী চয়তান। লাইব্ৰেৰীত আৰু  কাম নাই । এনেদৰে ঘৰত নাথাকি বাহিৰটো চাবলৈ মন গল। বাহিৰত ঘোপমৰা আন্ধাৰ। তাতকৈও আন্ধাৰ মোৰ কটিগৰ পোহৰাব খোজা ভিতৰচোৱা। । এক প্রাগঐতিহাসিক অন্ধকাৰ যাক হাজাৰটা চাকি জ্বলাইও দুৰ কৰিব নোৱাৰি। বতাহত ভাহি ভাহি কটিগৰ পৰা দুৰলৈ আহিলো । কটিগৰ পৰা মই বহু দুৰলৈ যাবলৈ যাম। নৰকৰ পৰা  মুক্ত পৃথিৱীলৈ । কিন্তু  দেখিলো কিছু লোকে এঠাইত কাঠ জমা কৰি এটা উচ্চ দম তৈয়াৰ কৰিছে। মই ৰৈ ৰৈ সিহতক চাবলৈ ধৰিলো। এবাৰ পিছলৈ চাই দেখিলো চাৰিজন মানুহে মোৰ দেহটো এখন সাঙীত কটিগৰ পৰা বাহিৰলৈ দাঙি  আনি আছে। যি কি নহওক। মোৰ সেই দেহটোও সে অভিশপ্ত কটিগৰ পৰা বাহিৰ হৈছে। ৰাতিৰ মৃদু বতাহত মোৰ দেহটোৰ চুলি বোৰ উৰিবলৈ লৈছিল। হঠাৎতে নিজক সুন্দৰ যেন লাগিল। ভগবানক  ধন্যবাদ। তেঁও মোক  এনে এটা ৰোগমুক্ত সুন্দৰ দেহ কিছুদিন বাচি থাকিবলৈ দিছিল। খুব ইচ্ছা হৈছিল এবাৰ আকৌ সেই  দেহেলৈ  উভতি যাবলৈ । কিন্তু আমি জানো  সেয়া  আৰু সম্ভব নহয় । মই সেয়া এৰি ওলাই আহিলো চিৰকালৰ বাবে। সিহতে সাঙীখন সহ মোৰ দেহটো কাঠৰ ওপৰত তুলি দিলে। বুজিলো এতিয়া মোৰ দেহটোক পুৰি পেলাব। সিহতৰ মাজৰ এজন নেতা যেন মানুহে  বুকুত ক্ৰছ আকি এডাল জুই জ্বলি থকা কাঠ, খৰিৰ দমটোৰ ওপৰত পেলাই দিলে। তাকে দেখি বাকীবোৰেও এদাল এডালকৈ জ্বলাবলৈ ধৰিলে। দাউদাউকৈ জ্বলি উঠিল। নিজৰ দেহটো চকুৰ আগত এনেকৈ জ্বলাত মই হাহাকাৰ কৰি উঠিলো  দাউদাউ জুইৰ   শিখাই  ৰাতিৰ আন্ধাৰ আতৰাই এক উজ্জ্বল পোহৰ হৈ বাঢ়ি আহিল। মোৰ চকু চাট মাৰি ধৰিলে। পোহৰখিনি কিছু অনুজ্বল হৈ কমি আহিল। মই নিজক সেই বেচমেন্টৰ বন্দিশালাত  আবিষ্কাৰ কৰিলো । অশৰীৰী নহয়। একদম জীৱন্ত মই । দিনৰ পোহৰে চিৰিৰ দৰ্জাৰে সোমাই  অন্ধকাৰক আঁতৰ কৰি দিছে। । হে ঈশ্বৰ ! ইমান সময় তেন্তে মই দুঃস্বপ্ন এটাহে দেখি আছিলো। এই স্বপ্নত  পোহৰেই তাৰ  শেষ পৰিণতি মোৰ চকুত স্পষ্ট হৈ পৰিছে।  ছোৱালীজনীৰ প্রতি সচাকৈ মায়া জাগিল । মই থিয় দিলো। । চেলৰ দৰ্জাখন খুলাই আছে। মোৰ টাৱেলখন মোৰ কাষতে পৰি আছে। সেইখন বুটলি লৈ মোৰ দেহত মেৰিয়াই ললো। ভয় ভয় খোজে মই ওলাই আহিলো সেই ভয়ংকৰ বন্দীশালৰ পৰা....
(আগলৈ)

Daini part 13 ডাইনী assamese novel 

click here to read part 12
হে ভগৱান ! মোৰ সৈতে এইবোৰ কি আৰম্ভ হ’ল ? এলিচ ছোৱালীজনীৰ মোৰ সৈতে এক অদ্ভুত ধৰণে খেলা খেলিছে । গোটেই ৰাতি মোক বেচমেণ্টত বন্দী কৰি ৰাখিছে । গোটেই ৰাতিটো মই এক ভয়াৱহ দুঃস্বপ্নত পাৰ কৰিছোঁ । ৰাতিপুৱা যেতিয়া বেচমেণ্টৰ পৰা ওলাই আহিলো তেতিয়া নিজকে নিঃশেষিত হোৱা যেন লাগিল । গোটেই ৰাতিৰ দুঃস্বপ্নই মোক অলপো শান্তিত শুবলৈ নিদিলে । কিন্তু, এতিয়া মই অফিচ যাব লাগিব । সন্মুখত আৰু এটি কামৰ দিন আছে । বাথৰুমত সোমাই যিমান সম্ভৱ আইনাৰ পিনে নোচোৱাকৈ মই কামবোৰ কৰিলোঁ । কাপোৰ পিন্ধিলোঁ । ভয়ংকৰ কটিগ’টোৰ সন্মুখত আৰু এটি ৰৌদ্ৰোজ্জ্বল দিন । দিনৰ উষ্ণতাই মোৰ মনৰ পৰা ৰাতিৰ স্মৃতিবোৰ পাহৰি যোৱাত সহায় কৰিলে । গেৰেজলৈ গৈ গাড়ীখন ষ্টাৰ্ট দিলোঁ । ড্ৰাইভ কৰি যেতিয়া চকু পৰিল ৰাতিৰ ঠাইখিনিলৈ য’ত মই ৰাতি সপোনত মোৰ মৃতদেহটো পোৰা দেখিছিলোঁ । ধমনিৰ মাজেৰে শীতল ৰক্তৰ এটি ধাৰা নামি গ’ল । সেইদিনা মোৰ লগত আৰু একো বেয়া নঘটিল । কোনো অঘটন বিহীনভাৱে কটিগ’টোৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছোঁ যে তাকে ভাৱি মনত শান্তি পালোঁ । যদিওবা দিনৰ শেষত মই ইয়ালৈ আকৌ ঘূৰি আহিব লাগিব । আৰু অন্য এক ভয়াৱহ ৰাতিৰ কাৰণে ।
    সিদিনা অফিচত বহুত বেয়াদিন গ’ল । তলৰ বৰ্গৰ কৰ্মচাৰী এজনৰ সৈতে মোৰ কিছু খণ্ডযুদ্ধৰ সূত্ৰপাত হ’ল । ফোন আহোঁতে বাৰে বাৰে সঁচকিত উঠিছিলোঁ । টেবুলত থোৱা কাগজ-কলমও বিচাৰি পোৱা নাছিলো । আৰু এটা সময়ত এনেকৈয়েই টেবুলত মূৰ থৈ শুই পৰিলোঁ । অফিচৰ পৰা ঘূৰাৰ আগত ভাবিলোঁ এবাৰ মেইলতো চেক কৰি লওঁ । আজি শুকুৰবাৰ । কাইলৈৰ পৰা দুদিন অফিচ বন্ধ হ’ব বাবে অহা নহ’বই । যদি কিবা গুৰুত্বপূৰ্ণ মেইল থাকে তাৰ উত্তৰ দিবলৈ দুদিন বেছি দেৰি হৈ যাব পাৰে । মেইল বক্সতো খুলিয়েই এটা মেইল দেখি চকু কঁপালত উঠিল । মেইলতো আদিন আদিজুৱে পঠাইছে । দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰৰ নাজী বাহিনীয়ে পোলেণ্ডৰ প্ৰায় দুই লাখ ইহুদীক হত্যা কৰিছিল । সেইসময়ত অধিকাংশ ইহুদীৰেই হয় মৃত্যু হৈছিল, নহয় দেশ এৰি পলাই গৈছিল । তাৰ পৰাও অতি কম সংখ্যক ইহুদী পৰিয়ালে পোলেণ্ডতেই টিকি থাকিব পাৰিছিল । সেইসকল ভাগ্যৱান ইহুদী পৰিয়ালৰ ভিতৰতেই এটা হ’ল আদিনৰ পৰিয়াল । আদিনৰ লগত মোৰ প্ৰথম পৰিচয় হয় ফেচবুকৰ মেচেঞ্জাৰত, আজিৰ পৰা প্ৰায় চাৰি মাহ আগত । তাৰ পাছত বহুদিন আমি মেচেঞ্জাৰতেই কথা পাতিলোঁ । আৰু তেওঁ সৈতে কথা পাতি গম পালোঁ যে তেওঁ এজনী গোড়া ইহুদী আৰু স্বপ্ৰণোদিত পাৰ্টটাইম পেৰানৰ্মেল ইনভেষ্টিগেটৰ । এজন মুছলমান হিচাপে এজন ইহুদীৰ প্ৰতি মোৰ এটা বেয়া ভাৱ আছিল । আদিনও এগৰাকী ইহুদী তাৰোপৰি অতি গোড়া । মই তেওঁক অৱহেলা কৰিবলৈ আৰম্ভ কৰিলো । মেইলৰ উত্তৰো নিদিওঁ আৰু মেচেঞ্জাৰৰ কলও ৰিচিভ নকৰোঁ । এটা সময়ত তেওঁও মোৰ কথাবোৰ বুজিব পাৰি মোৰ সংগ এৰিবলৈ ধৰিলে । আজি আদিনে মেইল কৰি জনাইছে যে, দু-সপ্তাহৰ পিছত তেওঁৰ বিয়া পাতিছে । এতিয়া তেওঁ নিজ ধৰ্মত গোড়া নহয় । তেওঁ এতিয়া এটা ইলেক্টট্ৰিকেল কোম্পানীত চাকৰি কৰি আছে । মোকো তেওঁৰ বিয়ালৈ নিমন্ত্ৰণ জনাইছে । কিন্ত প্ৰকৃত কথাটো হ’ল আদিনে মোক মনে মনে ভাল পাই । কিন্তু মোৰ অৱহেলাই তাৰ প্ৰেমত আঘাত কৰে । তেওঁৰ বিয়ালৈ মোক নিমন্ত্ৰণ জনাই প্ৰেমৰ প্ৰত্যাখ্যানৰ প্ৰতিশোধ ল’বলৈ বিচাৰিছে । বেচেৰা আদিন !!


তেওঁক হয়তো কেতিয়াও কোৱা নহ’ল, যে মই এনগেজদ্ । অতি সোনকালে মোৰ বিয়া হ’ব । হঠাত্ মনত পৰিল ভৌতিক কামবোৰৰ ওপৰত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে । তেওঁক এলিচৰ কথাটো খুলি ক’ব পৰা যাব । কিন্তু তেওঁ জানো মোক বিশ্বাস কৰিব ? বিশ্বাস কৰিলেও এলিচক আমাৰ ঘৰটোৰ পৰা আঁতৰাই দিব পাৰিব নে ? এবাৰ কৈ চোৱা যাওঁক । সেইবুলি তেওঁৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ পৰা তেওঁ ফোন নম্বৰটো সংগ্ৰহ কৰিলো আৰু ফোন কৰিলোঁ । হেল্ল’ আদিন, অভিনন্দন । যি নহওঁক, অৱশেষত তুমি বিয়াত বহিবলৈ মন মেলিলা ! আদিনেও মৃদু হাঁহিৰে ধন্যবাদ জনালে । এতিয়া মই নিজৰ কামৰ বিষয়ে ক’বলৈ ল’লো । আদিন তুমি আজি মোৰ সৈতে ডিনাৰ কৰিবা নে ? তেওঁ ক’লে মই যি খাবলৈ খোজো তুমি দিবা নে ? মই বুজিলো, তেওঁ যৌনতাৰ বিষয়ে ইংগিত দিছে । হাঃ হাঃ ল’ৰাবোৰৰ যৌন পিপাশা হৈছে দুৰ্বলতা । মই কথাটোত বৰ এটা গুৰুত্ব নিদি পুনৰ মূল কথাটোলৈ আহিলো । শুনা আদিন, মোৰ নতুন ঘৰটোত ভৌতিক কাণ্ড-কাৰখানা চলিছে । এতিয়া মোক তোমাৰ সহায়ৰ প্ৰয়োজন । তেওঁ মোক সহায় কৰিবলৈ ৰাজি হ’ল । কথামতেই আজি আবেলি ছয় বজাত আদিন মোৰ লগত ‘জিনেটস্কি হুইস্কি’ত ডিনাৰ কৰিবলৈ আহিব । মোৰ অফিচ ছুটী হয় বিয়লি পাঁচ বজাত । অফিচৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি প্ৰায় এক ঘণ্টা গাড়ী চলাই মই ছয় বজালৈ পাঁচ মিনিট থাকোঁতেই ৰেস্তোৰাখনত আহি উপস্থিত হ’লো । আদিন তেতিয়াও আহি পোৱা নাই । তেওঁৰ সৈতে আজিহে মোৰ প্ৰথম মুখামুখি হ’ব । ইয়াৰ আগতে আমাৰ শেষ দেখাদেখি মেচেঞ্জাৰৰ ভিডিঅ’ কলৰ জৰিয়তেই আছিল । এনেতে মুখমণ্ডল দাড়-গোফেৰে আবৃত আৰু দীঘল চুলিৰ মানুহজনৰ চেহেৰাটো মই যেতিয়া মই কল্পনা কৰিছিলোঁ, তেতিয়া এজন কোট-টাই পৰিহিত ক্লীন-চেভ কৰা এজন জেণ্টল মেন আহি মোৰ আগৰ চেয়াৰখনত বহিল । মই ক’লো হেল্ল’ মিষ্টাৰ এইখন চকী বেলেগ এজন মানুহৰ বাবে ৰাখি থৈছোঁ । যাক মই লগ কৰিবলৈ আহিছো । আপুনি বেলেগ ঠাইত বহক । মানুহজনে নুঠিলে আৰু খিলখিলাই হাঁহিবলৈ ধৰিলে । দেখাত ভদ্ৰ হ’লেও আচৰণ কি অসভ্য ! কিন্তু তেওঁৰ চকু দুটি খুব চিনাকী চিনাকী লাগিল । আৰে এওঁৱেইতো আদিন ! দাড়ি-গোফবিহীন আদিন । তেওঁ আগতকৈ সলনি হৈছে । এলিচৰ ডায়েৰীৰ এষাৰী বাক্য মনত পৰিল—”কিমান যে সোনকালে মানুহবোৰ সলনি হয় !” মই খোৱাৰ অৰ্ডাৰ দিলোঁ । খোৱাৰ সময়ত মই তেওঁক সকলোখিনি ক’লো । তেওঁ ক’লে আজি চেষ্টা কৰি চাম । তেওঁ প্ৰথমতে আমাৰ কটিগ’টোৰ সম্পৰ্কে জানিবলৈ বিচাৰিলে । মই তেওঁক বিস্তাৰিতভাৱে ক’লো । কটিগ’টোত মুঠ দহটা ৰুম, তিনিটা বেডৰুম আৰু প্ৰত্যেকটোৰ সৈতে সংযুক্ত বাথৰুম, এটা কিটচেন, এটা ডাইনিং, এটা ড্ৰইং, দুটা ষ্ট’ৰৰুম, দুটা গেষ্টৰুম, এটা মধ্যযুগৰ পৰিতক্ত গীৰ্জা । তাৰ বেচমেণ্টত এটা পাঁচটা কোঠাযুক্ত বন্দীশালা আছে । তাৰে এটাত এলিচক বন্দী কৰি ৰখা হৈছিল । সম্ভৱত তিনি নম্বৰ কোঠাটোত । যোৱা ৰাতি য’ত মই বন্দী হৈ আছিলোঁ । মই মন কৰিলোঁ, মোৰ কথাবোৰ তেওঁ মূৰ দুপিয়াই সমৰ্থন কৰি আছিল । শেষত তেওঁ ক’লে, তেওঁ ঘৰৰ পৰা কিছু সঁজুলি লৈ আহিব । হয়তো ভাবিছে এলিচৰ আত্মাৰ সৈতে মুখামুখি হোৱা ইমানো সহজ নহয় নতুবা অসম্ভৱো নহয় । খোৱাৰ শেষত ডিনাৰৰ বিল তেওঁ পৰিশোধ কৰিব বিচৰা স্বত্বেও জোৰ কৰি মইয়েই দি দিলোঁ । তাৰপিছত দুয়োজন গাডীত উঠি ঘৰমুৱা হ’লো । মই কটিগ’লৈ আহি গাড়ীখন পাৰ্ক কৰি ভিতৰলৈ সোমালোঁ । নিৰ্জন এই ঘৰটোত সোমাবলৈ মোৰ ভয় লগা হৈছে । গাড়ীতে এটা হিপহ’প গান লগাই আদিন অহালৈ বাট চালোঁ । অপেক্ষাৰ সময়খিনি একেবাৰে বিৰক্তিকৰ । এটা সময়ত গাড়ীৰ চিটতেই শুই পৰিলোঁ । আদিনৰ গাড়ীৰ হৰ্ণৰ শব্দত টোপনি ভাগিল । যি হওঁক তেওঁ আহিছে । এইবাৰ এলিচক মুক্তি দি মোৰ কটিগ’টো নিৰাপদ কৰিম । দুয়ো গাড়ী থৈ একেলগে কটিগ’টোৰ ভিতৰলৈ সোমাই গ’লো । মোৰ সেই পুৰণা ভয় ভয় অনুভূতিটো আকৌ ওভতি আহিল । এনে লাগিছে যেন আজি কিবা অশুভ ঘটিব । তেওঁ গাড়ীৰ পৰা বহুত ইহুদী ধৰ্মৰ গ্ৰন্থ, কেইডালমান মমবাতি, এটা শুকান পাত ভৰ্তি বেগ, এবটল পানী আৰু বহুতো বস্তু গাড়ীৰ পৰা নমাই আনিলে । তেওঁৰ ওপৰত বিশ্বাস ৰাখি তেওঁৰ চকুত সাহস বিচাৰিবলৈ ধৰিলো । কিন্তু মই যিটো বিচাৰিছিলোঁ তেওঁৰ চকুত যেন সেইটো নাছিল ! তেওঁৰ চকুত কেৱল অনিশ্চয়তা, কৌতুহল আৰু আত্মবিশ্বাসৰ অভাৱ হে দেখিবলৈ পাইছিলোঁ । দৰ্জা খুলি আমি দুয়ো সেই অভিশপ্ত ঘৰটোৰ ভিতৰলৈ সোমাই আহিলো । আদিনে প্ৰতিটো ৰুমতে সোমাই হিব্ৰু ভাষাত কিছু মন্ত্ৰ পঢ়িলে । তাৰপিছত প্ৰতিটো ৰুমৰেই মাজমজিয়াত কিছু শুকান পাত ৰাখি তাৰ ওপৰত এখনকৈ ধৰ্মীয় গ্ৰন্থ ৰাখিলে । তাৰপিছত তেওঁ সেই স্থানৰ কাষত এডালকৈ মমবাতি জ্বলালে । কাম শেষ হোৱাৰ পিছত তেওঁক যথেষ্ট সন্তোষ মনেৰে দেখা গ’ল । এইবাৰ মোলৈ চাই তেওঁ ক’লে—”কাম হৈ গ’ল । মমবাতি দাল জ্বলি শেষ হ’লেই এইটো ৰুমত যাৰেই অশৰীৰী আত্মা আছে সি ওলাই যাবলৈ বাধ্য হ’ব । ” মই তেতিয়াও তেওঁৰ কথাত বিশ্বাস কৰিব পৰা নাছিলোঁ । তথাপিও মিচিকীয়া হাঁহি মাৰি তেওঁক ধন্যবাদ জনালোঁ । মই তেওঁক অলপ ক’ল্ড ড্ৰিংকছ্ আনি দিলোঁ । ইমান দেৰিৰ পৰা তেওঁৰ কণ্ঠ হয়তো শুকাই গৈছে ! আদিনে মদ খাবলৈ বিচাৰিলে । মই তেওঁক বিনীত ভাৱে ক’লো যে মই মদ নাখাওঁ আৰু সেইবাবে কটিগ’টোত কোনোধৰণৰ মদও নাই । তেওঁক বেচ হতাশাত ভোগা দেখা গ’ল । বুজিলোঁ, তেওঁৰ আগৰ সকলো অভ্যাসৰ পৰিৱৰ্তন হ’লেও মদ খোৱা স্বভাৱটোৰ এতিয়াও পৰিৱৰ্তন হোৱা নাই । তেওঁ একো নোখোৱাকৈয়েই ঘূৰি যাবলৈ বিচাৰিলে । তেওঁ গাডী ঘূৰাই ঘূৰি যোৱাৰ সময়ত মই হাত দাঙি তা-তা দিলোঁ । নিশাৰ আন্ধাৰ ফালি তেওঁৰ গাড়ীখন ধীৰ গতিত আগুৱাই যাবলৈ ধৰিলে । অভিশপ্ত ঘৰটোত আৰু এটা ৰাতিৰ বাবে মই অকলশৰীয়া হৈ গ’লো । সঁচাকৈয়েই অকলশৰীয়া নে ? নে দুঃস্বপ্নৰ সাগৰ এখন লৈ মোক সংগ দিয়াৰ বাবে এলিচও মোৰ লগত আছে..................!!!

 ( আগলৈ )

Daini part 14

click here to read part 13
আদিনে নিজে ড্রাইভ কৰি আগুৱাই গৈ আছে । তেঁওৰ গাড়ীখন যেতিয়া কটিগৰ চৌহদ পাৰ হৈ যেতিয়া টাৰ্ণ ললে ৰাষ্টাৰ কাষত থকা কুৱাঁটোৰ ৱালত ধুমমমম কৈ খুন্দা খালে। হে ভগৱান। তেওঁৰ এক্সিডেণ্ট হৈছে। দৌৰি গৈ তেঁওৰ গাড়ীৰ কাষলৈ গলো দেখিলো তেওৰ মুৰটো ষ্টিয়াৰিং হুইলৰ ওপৰত আছে। মই তেওঁক মাতিবলৈ ধৰিলো। কোনো উত্তৰ নিদিয়া দেখি বহুত কষ্ট কৰি গাড়ীৰ পৰা বাহিৰলৈ ওলাই আনি মাটিত শুৱাই দিলো। যি নহওক। বাচি আছে। উশাহ লৈ আছে। তেঁওৰ মুৰৰ পৰা অলপ অলপকৈ তেজ ওলাই আছে। মই পুলিচক ফোন কৰিলো। পুলিচ অহাৰ আগতেই তেওঁৰ চেতনা আহিল। মই তেঁওৰ চাৰ্টটো খুলি মুৰত বান্ধি দিলো। তেতিয়ালৈ তেজ ওলোৱা প্ৰায় বন্ধ হৈছে। চকু মেলি তেও মোৰ পিনে চালে। কি যে  নিষ্প্রাণ সেই চাৱনি ।তেওৰ চকুলৈ চাইয়েই কলো কি হল আদিন ? জীৱনত ১মবাৰ গাড়ী চলাইছিলা নেকি। একেবাৰে ভাল ৰাষ্টাতো কোনোৱে এনকৈ এক্সিডেণ্ট কৰেনে? তেঁও মুখৰ ভিতৰতে ভোৰভোৰাই কলে, "তাইক আঙুঠিটো লাগে। সেই আঙুঠিটো। "এইখিনি কৈয়েই তেঁও আকৌ অজ্ঞান হৈ পৰিল। তেতিয়ালৈ পুলিচ আহি উপস্থিত হল। সিহতে  আদিনক এম্বুলেঞ্চত লৈ গল । মই তেওঁৰ গাড়ীখন অদৃশ্য হোৱালৈ চাই থাকিলো। নিজক ডাঙৰ অপৰাধী যেন লাগিছে। দুদিন পিছত লৰাজনৰ বিয়া। এই  ঝামেলাত তেওঁক নো কিয় মাজলৈ টানি আনিছো। তেওঁৰ জীৱনটোকে মই সংকটত পেলাইছো। 

আদিনক লৈ গৈ গৈ সন্ধ্যা হৈ আহিল  । এবাৰ আকৌ মই কটিগটোলৈ উভতি আহিব লাগিব। মনটোৱে নিবিচাৰিলেও মই  নিৰুপায়। ঘৰৰ ভিতৰত সোমাই দেখিলো লাইব্ৰেৰীত দাউ দাউ লেহিহান শিখা। দৰ্জা খুলিয়েই মই হতভম্ব।  লাইব্রেৰীৰ মাজমজিয়াত ৰখা আদিনৰ  ধর্মগ্রন্থত  জুই লাগিছে। কাষত জ্বলি থকা মমডাল নুমাই গৈছে। লাইব্রেৰীত ইমান কিতাপ আছে। এইবোৰত জুঁই লাগিলে সৰ্বনাশ। সোনকালে মই কিবা এটা কৰিব লাগিব।  লাইব্রেৰীৰ পৰা একে  দৌৰে ৰুমলৈ আহিলো। উদ্দেশ্য আছিল বাথৰুমৰ পৰা পানী আনি লাইব্ৰেৰীৰ জুই নুমাম। কিন্তু ৰুমত সোমাই দেখিলো ইয়াত মাজত থকা কিতাপখনো সমানে জ্বলি আছে। গোটেই কেইটা ৰুমৰ সকলো কিতাপকেইখন জ্বলিবলৈ ধৰিছে নেকি? এই ভীষণ পৰিস্থিতিত গোটেই কটিগটোত জুই লাগিবলৈ বেছি সময় নালাগে। তাৰ আগতে এই কটিগটো এৰি মই পলাবলৈ লাগিব। যেতিয়া মই গুচি যাবলৈ ধৰিলো তেতিয়া জুইখিনি নুমাই গল। পিছফালে চালো। বহীটোৰ অৱশিষ্ট হিচাপে চাই ৰৈ গৈছে। মই দৌৰি লাইব্ৰেৰীত গৈও দেখিলো একে অৱস্থা। জুই নুমাই গৈ কেবল চাই হৈ গৈছে। তাৰ পিছত ড্ৰয়িং ৰুমত গলো। কিন্তু কি আশ্চৰ্যকৰ । ইয়াত  বহীটো  অক্ষত আছে আৰু  মমবাতিডালো জ্বলিছে। কটিগৰ  আটাইকেইটা কক্ষ মই চেক কৰিলো । বেচমেন্ট, মোৰ বেডৰুম আৰু লাইব্রেৰীৰ বাদে বাকী সকলো কক্ষত বহীবোৰ  অক্ষত অবস্থাত আছে আৰু  কাষত মমবাতি জ্বলি আছে । হঠাৎ এলিচৰ কাণ্ডবোৰ বুজি পালো। যোৱাৰাতি বেচমেণ্টৰ ৰুমত তাই মোক যি  দুঃস্বপ্ন দেখাইছিল । সেই সপোনত এলিচৰ ঠাইত  মই  নিজকে দেখা  পাইছিলো । তাইৰ  মৃত্যুদণ্ডৰ  সময়ত তাইৰ দেহটাক   কুৱাঁটোৰ কাষত থোৱা হৈছিল। পিছত লাইব্ৰেৰীত টেবুলত শুৱাই দিয়া হৈছিল। তাৰ পিছত প্ৰিষ্টৰ কক্ষ তথা মোৰ বেডৰুমত ধৰ্ষণ কৰা হয়। তাইৰ লাচটো যিবোৰ ঠাইত থোৱা হৈছিল তাইৰ আত্মাৰ প্ৰভাৱ সেই সকলো ঠাইতে সীমাবদ্ধ। সেয়ে কুৱাঁটোৰ ওচৰত আজি আদিনৰো এক্সিডেন্ট হৈছে । ঘৰত বাকী সকলো কিতাপ অক্ষত অৱস্থাত থাকিলেও লাইব্ৰেৰী আৰু মোৰ বেডৰুমৰ বহী দুটা পুৰি ছাঁই হৈ গৈছে। বুজি পালো মোক দেখুওৱা সপোনবোৰ ভয় দেখুওৱাৰ বাবে নাছিল। এলিচৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা ৰাতি দেখা প্ৰতিটো সপোনে এক নিৰ্দিষ্ট বাৰ্তা বহন কৰিছিল। কিন্তু ভয়ত মোৰ চিন্তাশক্তি লোপ পোৱাৰ বাবে মই তাৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰিলো। সেইদিনা ৰাতি মই এলিচৰ ডায়েৰীটো আকৌ এবাৰ পঢ়িলো। লগতে ৰাতি দেখা সপোনবোৰো ভাবিবলৈ ধৰিলো। লাহে লাহে সকলো দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ পৰিল। 

(আগলৈ)
 লিচৰ ডায়েৰীৰ ১ম পৃষ্ঠাত নিজৰ পৰিচয় দিছে। তাৰপিছতে স্বাভাবিক দিনপঞ্জিকা। তাৰ পিছতে মাৰ্টিনীৰ আগমন। শেষত মাৰ্টিনীৰ বিদায়। সকলোৰে শেষত মৃত্যুদণ্ড ঘোষণা কৰি কপালত আঙুঠিৰ দাগ। । ডায়েৰীৰ পৰা এটা কথা নিশ্চিত যে এলিচ আৰু মাৰ্টিনীৰ মৃত্যু মাত্ৰ কেইটামান দিনৰ ব্যবধানত হে হৈছে। যদি এলিচ ভূত হৈছে তেন্তে হয়তো মাৰ্টিনীৰো একে পৰিণতি হৈছে। আৰু কপালত দিয়া সেই আঙুঠিৰ দাগটো যন্ত্ৰণা দিবলৈ দিয়া হোৱা নাই। তাইৰ ডায়েৰীত সেই দাগক ডাইনীৰ চিন্হিতকাৰী প্ৰতীক হিচাপে উল্লেখ আছে। তাৰমানে ডাইনীবোৰৰ কপালতে এনেদৰে দাগ দিয়া হয়। অন্য অপৰাধীক নহয়.।

প্রাচীন পুৰাতত্ত্ব (Anthropology) ৰ এখন  কিতাপত পঢ়িছিলো প্রাচীন ফাৰাও সম্রাটে সিহতৰ  মৃত্যুৰ পিছত সমাধিস্থ কৰাৰ বাবে   জীৱিত কালতে পিৰামিড বনাইছিল । মৃত্যুৰ পিছত সমাহিত কৰাৰ সময়ত  ধন ৰত্নৰ সৈতে বহুতো  দাস দাসীকো  জীৱন্তে কবৰ দিয়া হৈছিল । কবৰ দিয়াৰ আগতে সিহতৰ বুকু পিঠত বা শৰীৰৰ অন্য অংশত দাসত্বৰ বন্ধন হিচাপে  খাঁজকটা উত্তপ্ত ধাতব পিণ্ডৰে দাগ দিয়া হৈছিল । সেই ধাতব পিণ্ডটো সম্রাটৰ মুকুটত দি  মৃতদেহক গোপন কক্ষত  সমাহিত কৰা হৈছিল । ফাৰাওৰাই  বিশ্বাস কৰিছিল এনেদৰে পুৰা দাগ দাসদাসীসকলৰ আত্মা পৰলোক গমন কৰিব নোৱাৰে.। আৰু সেই ধাতব পিণ্ডটো মুৰত থকাৰ বাবে মৃত সম্রাটে সেই  দাসদাসীসকলৰ  আত্মাক নিয়ন্ত্রণ কৰিবলৈ সক্ষম হব।

মোৰ ধাৰণা এলিচৰ কপালত সেই আঙুঠিৰ দাগটো একে বিশ্বাস লৈ দিয়া হৈছিল। । চয়তান প্রিষ্টে জানিছিল সি  চিৰকাল বাচি  নাথাকে । এটা সময়ত সি  মৃত্যুবৰণ কৰিবলৈ লাগিব । কিন্তু তাৰ  যদি মৃত্যুৰ পিছত  মহাযাত্রাত চামিল হয় তেতিয়া সি  জীৱনকালত কৃত অপৰাধৰ বাবে   নির্ঘাত নৰকত  চৰম  শাস্তি পাবলৈ লাগিব  । সেয়ে সি জীৱনকালতেই  তন্ত্র মন্ত্ৰৰে মৃত্যুৰ পিছত তাৰ মহাযাত্ৰাক  বন্ধ কৰাৰ আয়োজন কৰিছে । মৃত্যু পৰবর্তী জীবনক সুখকৰ আৰু  যৌনসম্ভোগময় কৰাৰ  বাবে  সি  ফাৰাওে বনোৱা  ধাতব পিণ্ডৰ দৰে   এটা জাদুকৰী আঙুঠি বনাই লৈছে। সেই আঙঠিৰ বৈশিষ্ট্য আছিল ইয়াৰ দ্বাৰা যাৰ কপালত দাগ দিয়া হব  তাৰ  আত্মাই মৃত্যুৰ পিছত এই আঙঠিৰ মালিকৰ দাসত  পৰিণত হব। একমাত্ৰ এলিচ  আৰু মার্টিনী নহয়। জীৱনকালত  শ শ  ছোৱালীক সি ডাইনী অপবাদ দি   মৃত্যু দন্ডৰে দণ্ডিত কৰিছে । মৃত্যুৰ পুর্বে সিহত সকলোৰে কপালত সি আঙুঠিৰ দাগ দিছে যাতে মৃত্যুৰ পিছত সিহত সকলোৱে তাৰ  যৌনদাসী (Sex slave) ত  পৰিণত  হয়। অবশেষত প্রিষ্টৰ  মৃত্যুৰ পিছত তাৰ অনুৰাগীয়ে তাক আঙুঠিসহ কবৰ দিছে।তাৰ লগে লগে শ শ হতভগা ডাইনীৰ আত্মা বন্দী হৈ পৰিছে। ইমান বছৰ ধৰি সি এই আত্মাবোৰক ভোগ কৰি আহিছে। তাৰ মাজৰ পৰা এজনী দাসত্বৰ শিকলি ছিগি ওলাই আহিব পাৰিছে। সেয়া বেলেগ কোনো নহয়। এলিচ। তাৰ কাৰণ এলিচে বেচমেণ্টত বন্দী হৈ থাকোতে অসাধাৰণ কাম কৰিছিল যিটো বাকী ছোৱালীবোৰে কৰা নাছিল। তাইৰ প্ৰত্যেকদিনৰ স্মৃতিবোৰ বাইবেলত লিপিবদ্ধ কৰাটো। আৰু এই স্মৃতিৰ টানত তাই প্ৰিষ্টৰ বন্দীত্বৰ পৰা ৰক্ষা পাইছিল।  সেয়েতো তাই প্ৰিষ্টৰ সৈতে কবৰৰ ভিতৰত থকাৰ পৰিবৰ্তে এই কটিগটোতে ৰৈ গৈছে। কিন্তু তাইৰ সম্পূৰ্ণ মুক্তিৰ বাবে মোক সেই আঙঠিটোৰ প্ৰয়োজন। সেয়া ধংস কৰিব পাৰিলে এলিচ সহ বাকী আত্মাবোৰৰো মুক্তি হব।

মইয়েই সেই আঙঠিটো আনিব লাগিব। অন্তত এলিচে এয়াই বিছাৰে। সেয়েইতো সেইদিনা যেতিয়া মই টাবত উজুটি খাই পৰি জ্ঞান হেৰুৱাইছিলো তেতিয়া কৌশলেৰে এলিচে সপোনত আহি মোক প্ৰিষ্টৰ কবৰটো দেখুৱাই দিছিল। তাৰ পিচত বাথৰুমত আইনাত লিখি আৰু দুঃস্বপ্নৰ মাধ্যমেৰে  তাই মোক সেইটো  উদ্ধাৰ কৰাৰ ইঙ্গিত দিছিল । কিন্তু মই সেই সকলো ইংগিত উপেক্ষা কৰাৰ বাবে তাই খঙত  মোক এৰাতি বেচমেণ্টত বন্দী কৰি ৰাখিলে। সেইৰাতি মই বেচমেণ্টত শুই পৰাৰ পিছত সপোনৰ মাধ্যমত মোক তাইৰ জীৱনৰ  শেষ পৰিণতিটো দেখুৱাই দিলে।

এইদৰেই তাই মোক এটাৰ পিছত এটা বার্তা দি আছিল আৰু মই এইবোৰ উপেক্ষা কৰি ভাবিছিলো যে মোক ভয় দেখুৱাবলৈ খুজিছে। সেয়ে আজি এলিচক খেদিবলৈ যেতিয়া মই আদিনক কটিগলৈ লৈ আহিলো তেতিয়া তাই মৰ্মাহত হল। কুৱাৰ কাষত আদিনৰ এক্সিডেন্ট, এলিচৰ প্ৰভাৱিত কোঠাত আদিনৰ কিতাপ জ্বলা ইত্যাদি ৰ মাজেৰে এলিচে তাইৰ ক্ষোভ প্ৰকাশ কৰিলে।

ইমানদিন পিছত মই এলিচক বুজিবলৈ ধৰিলো। অশৰীৰী এলিচৰ হৃদয়ৰ ভাষা সচাকৈয়ে চমৎকাৰী। মই সিদ্ধান্ত ললো যিকোনো কৰি হলেও মই এলিচক ইয়াৰ পৰা মুক্তি দিম। মই যাম খ্ৰীষ্টান কবৰস্থানত। প্ৰিষ্টৰ কবৰটো খান্দিম আৰু আঙুঠিটো লৈ আনিম...

(আগলৈ)

ডাইনী পাৰ্ট ১৬

পিছদিনা অফিচ  শেষ কৰি মই নিকটাস্থিত চিমেট্রিলৈ গলো । শতাব্দী গৰকা প্রাচীন এক বিশাল কবৰস্থল । হাজাৰ হাজাৰ মানুহৰ  জীবনৰ কোলাহলৰ শেষত ইয়াতে প্রশান্তিৰ টোপনিত মগ্ন হৈ আছে। চিমেট্রিৰ দুৱাৰত আছে এটা পুলিশ বক্স। ভিতৰত সোমোৱাৰ সময়ত গেটৰ দুয়োফালে দুজন গার্ডৰ  ৰুক্ষ চেহেৰা দেখিবলৈ পালো। চিমেট্ৰিৰ প্রধান দুৱাৰ পৰা  সিটো মূৰৰ দ্বিতীয় দুৱাৰ খন পাৰ হলেই নতুন গির্জাটো পায় । অবশ্যে চিমেট্ৰিৰ ভিতৰেৰে নগৈ হাইৱেৰ কাষৰ সৰু গলিটোৰেও গীৰ্জাটো উঠিব পাৰি।সিটো মূৰৰ দুৱাৰখনতো এজন গাৰ্ডক দেখা পালো। মই তেতিয়া হতাশাগ্ৰস্ত হৈ পৰিছো। উচ্চ দেৱালেৰে আবৰা এই  চিমেট্ৰিৰ দুয়োফালে পহৰাদাৰৰ ব্যবস্থা কৰা হৈছে । সিহতৰ চকুত ধূলি মাৰি প্ৰিষ্টৰ কবৰ খন্দাৰ বাবে  প্রয়োজনীয় যন্ত্রপাতি, যেনে কোৰ, হাতুৰী আদি ভিতৰলৈ নিব পৰা নাযাব। আৰু হতাশাজনক কথাটো হল গেটতেই যে পহৰাদাৰৰ আছে সেয়া নহয়। প্ৰায়  আধাঘণ্টাৰ মুৰে মুৰে এজন গাৰ্ডে ভিতৰৰ কবৰবোৰ চাই ঘুৰি ফুৰি পহৰা দি আছে। কিবাকৈ যদি কবৰ খন্দা বস্তুবোৰ ভিতৰলৈ নিব পৰা সম্ভবো হয় তাৰ পিছতো এই ভিতৰৰ ঘুৰি ফুৰি থকা গাৰ্ডজনৰ চকুৰ পৰা সাৰি যোৱাটো সম্ভৱ নহব।


হঠাৎ গীর্জাৰ পিনে চকু পৰিল । মনত পৰিল  এলিচৰ  ডায়েৰীত তাই  গীর্জাক সাক্ষাৎ নৰকৰ  সৈতে  তুলনা কৰিছিল । মনত পৰিল উপমহাদেশত বৃটিছ শাসনকালত দেশৰ দৰিদ্ৰ অন্য ধৰ্মাবলম্বী লোকসকলক   গীর্জা লৈ আনি বলপুৰ্বক ভাবে ধর্মান্তৰিত কৰা হৈছিল। যিয়ে  ধর্মান্তৰিত হবলৈ অস্বীকাৰ কৰে সিহতৰ সা সম্পত্তি জালিয়তি কৰি হস্তক্ষেপ কৰা হৈছিল।  বৃটিছসকলৰ ভৰি চেলেকা  ঐতিহাসিকবিদ সকলেও নীল কৰৰ বিৰুদ্ধে প্ৰচাৰ কৰিলেও  এই গীর্জা বিষয়ে একেবাৰে নিশ্চুপ।  তেতিয়া ব্ৰিটেইনৰ কাৰখানাত  অপেক্ষাকৃতভাবে  সস্তাত কৃত্রিম নীল প্ৰস্তত কৰা আৰম্ভ হৈ গৈছিল। কিন্তু  এই  কৃত্রিম নীলতকৈ  উপমহাদেশত উৎপাদিত প্রাকৃতিক নীলহে বেছি সমাদৃত আছিল। ফলশ্ৰুতিত কৃত্ৰিম নীল কাৰখানাবোৰে ক্রমাগত লোকচানৰ ফালে ধাবমান হল। তেতিয়া বৃটিছ সকলে দেশৰ নব্য সভ্য শিক্ষিতসকলক  ব্যবহাৰ কৰিলে । সিহতে সিহতৰ  শেতাংগ প্রভুৰ নির্দেশতেই নীলকৰক লৈ কৰা অত্যাচাৰ সাহিত্যত ফুটাই  তুলিলে । গোটেই উপমহাদেশৰ মানুহে গম পালে  নীল কুঠৰিৰ অত্যাচাৰৰ  কথা। তাৰ পিছতেই ঘটিল নীল বিদ্রোহ। মানবাধিকাৰৰ প্ৰশ্ন তুলি নীল খেতি বন্ধো কৰি দিয়া  হয়। দোহাই তুলে নীল চাষ বন্ধ করে দেয়া হয়। তাৰ পিছত  নীলবিদ্রোহৰ  সফলতাৰ  আনন্দত  বিভোৰ ভাৰতীয় সকলে যেতিয়া আনন্দত মছগুল হৈ থাকিল তেতিয়া কৃত্রিম নীল বিক্রী কৰি পেৱা টকাৰে ইংৰাজসকলে আকৌ ব্যবসায় উন্নতি কৰিলে। উপমহাদেশত তেতিয়া গীর্জাবোৰো  এই   নীলকুঠিত কৈ  কোনো গুনেই কম নাছিল। কিন্তু ইংৰাজ  প্রভুৰ  অনুমতি নথকা বাবে গীর্জাৰ নির্যাতনৰ দৃশ্য তৎকালীন সাহিত্যিকসকলে সম্পূর্ণভাবে এৰি চলিলে। জাতিৰ  বিবেক তথা সাহিত্যিকসকলে তেতিয়া যদি  প্রভুভক্তিতকৈ  দেশপ্রেমক ডাঙৰ ভাবি গীর্জাৰ  নির্যাতনবোৰো  সিহতে  সাহিত্যত তুলি ধৰিলে আজি আমাৰ দেশত  এটাও গীর্জাৰূপী নৰকৰ দুবাৰ   নাথাকিলহেঁতেন । নীলকুঠিৰ দৰে সেয়াও বিলীন হলহেতেন।

গীর্জাৰ  ছাদৰ ওপৰত  এটা  কাউৰীৰ কর্কশ চিঞৰে মোক  ইতিহাসৰ পৰা  বাস্তবলৈ ওভোটাই আনিলে। । গীর্জাৰ ছাদৰ পিনে চাই এনে লাগিল  এই নৰকৰ দ্বাৰেই মোক  চিমেট্ৰিৰ ভিতৰলৈ বস্তুবোৰ নিয়াত সহায় কৰিব।  গীর্জাটো চিমেট্ৰিৰ একেবাৰে লগা লগিকৈ আছে।  কোনো প্ৰকাৰে যদি মই  গীর্জার ছাদত হাতুৰি কোৰ  ইত্যাদি তুলিবলৈ পাৰো তাৰ পৰা পেলাই দিলেই সেইবোৰ চিমেট্ৰিৰ দেৱালৰ ভিতৰত পৰিব। তাৰপিছত তললৈ গৈ চিমেট্ৰিত সোমাই এইবোৰ বিচাৰি ললেই হল।  আৰু তাৰ   এজন গার্ডক মই সহজেই কাবু কৰিব পাৰিম । মাত্ৰ লক্ষ্য ৰাখিব লাগিব কামখিনি যাতে চুপচাপ হয়। আর্তনাদ কৰাৰ আগেই গার্ডক মুখত সোপা দি মুৰত  কোবাই অজ্ঞান কৰিব লাগিব। তাৰ পিছত হাতত ১ঘণ্টা সময় পোৱা যাব। এই এক ঘন্টাৰ মাজতে মই কবৰ খান্দি প্ৰিষ্টৰ লাচটো উলিয়াই তাৰ হাতৰ পৰা আঙুঠিটো লৈ আকৌ আগৰ দৰে থব লাগিব। স্পষ্টভাবে  বুজি পালো   এই কাম দিনৰ পোহৰত অসম্ভব। ৰাতিৰ আন্ধাৰত গা লুকাই কামটো কৰিব লাগিব। কথাবোৰ ভাবি মোৰ গাৰ নোম শিয়ৰি উঠিল।

এবাৰ গীর্জাত সোমোৱা প্রয়োজন। তাৰ পৰা পহৰাৰ ব্যবস্থাটো এবাৰ চাব লাগিব ।  আশাকৰো ইমান  কঠোৰ নিৰাপত্তা ব্যবস্থা  নাথাকে। চিমেট্ৰিৰ পিছদুৱাৰেৰে গৈ  গীর্জাৰ প্রাঙ্গণত ভৰি ৰাখিলো ।

গীর্জাটো একেবাৰে খালী। ছাদত  এটা বিশাল ক্রুছ থিয় হৈ  আছে। তাৰ তলত  এটা বিশাল পেণ্ডোলিয়াম ঘড়ী । বাহ। মোৰ কামৰ বাবে  একেবাৰে সুবৰ্ণ সুযোগ । বস্তুবোৰ সকলো  ক্রুছৰ তলত লুকাই থম আৰু ঘড়ীটোৱে যেতিয়া প্ৰতি ঘন্টাৰ অন্তত  ঢং ঢং কৈ  বাজি  উঠিব তেতিয়াই সেইবোৰ চাদৰ পৰা চিমেট্ৰিৰ ভিতৰত পেলাই দিম। ঘড়ীটোৰ শব্দ আৰু সেইবোৰ তলত পৰা শব্দ একেসময়তে হব বাবে তাত কোনো গাৰ্ডে গম নাপাব। পিচত ক্ৰুচৰ সৈতে ৰচি এডাল বান্ধি সেইডালেৰেই চিমেট্ৰিৰ ভিতৰলৈ মনে মনে সোমাব পাৰিম। মনটোক নিজে বা বা দিলো। মাজে মাজে নিজৰ বুদ্ধি দেখি নিজেই আবাক হও। হি হি হি। কিন্তু এতিয়াই এয়া  নিশ্চিত হোৱা  উচিত নহব। । গীর্জাৰ ভিতৰত সোমাই চাব লাগিব কোনোৱা আছেনে নাই।। ইয়াৰ খৃষ্টানসকল    সাপ্তাহিক ধার্মিক। গোটেই সপ্তাহ মদ গিলি  ৰবিবাৰে  গীর্জাত গৈ  যিশুৰ  ওচৰত ক্ষমা খুজিব। কি আজব চিষ্টেম সিহতৰ । আজি বুধবাৰ। সেয়ে  সম্ভবত আজি গীর্জাটো নিতাল হৈ আছে ।  সাবধানীৰ মৰণ নাই । হঠাৎ এনে লাগিল এটা ছায়ামূৰ্তি মোৰ কিছু দুৰেৰে পাৰ হৈ গল। লগে লগে মই চাদৰ ক্ৰুচটোৰ দিশত চাই একাগ্ৰতাৰে বুকুত তিনিবাৰ ক্রুছ আকিলো। আশা কৰিছো অভিনয়টো  নিখুঁত হৈছে । কোনোৱে যদি মোক অনুসৰণ কৰিও আছে তেও যেন বুজে মই এগৰাকী ধর্মপ্রাণ খৃষ্টান । ভাবলেশহীন চেহেৰাৰে স্থিৰ পদক্ষেপ দি আগুৱাই গলো গীর্জাৰ দুৱাৰৰ পিনে  । দৰ্জা  খুলি সোমাই পৰিলো  সাক্ষাৎ নৰকৰ ভিতৰত । মতটো নৰ্মেল কৰি  পলিচ ভাষাত সুধিলো , ভিতৰত কোনোবা আছেনে ? প্রত্যুত্তৰত এটা এন্দুৰ মাজমজিয়াৰে দৌৰি গল ।আকৌ এবাৰ মাতিলো  কিন্তু কোনোৱে  উত্তৰে নিদিলে । গীর্জাৰ  প্রার্থনা ঘৰ, কনফেশন ৰুম , বাথৰুম সকলোতে চালো। কোনো নাই। সাৰ সুৰে খোজ কাঢ়ি চিৰিৰে ওপৰলৈ উঠিবলৈ ধৰিলো। শুন্য গীর্জাটোত  নিজকে অকলশৰীয়া যেন লাগি এটা অজানা ভয়ে মনত বাহ ললে। মই তেতিয়ালৈ গম পোৱা নাই। ওপৰৰ তলাত মোৰ বাবে যে এজনে অপেক্ষা কৰি আছে

(আগলৈ )

Daini part 17 assamese novel ডাইনী পাৰ্ট১৭ 

(গল্পটোত মাজে মাজে  ১৮+ কন্টেন্ট আছে। সৰুবোৰে গল্পটো নপঢ়াকৈ থকাটোৱে ভাল ।)

গীর্জাত  কাকো নেদেখি মই  ভাবিছিলো হয়তো ইয়াত ওপৰতো কোনো নাই । সেয়ে  দ্বিতীয় তলা  নোচোৱাকৈ চিৰি বগাই  মই চাদৰ ওপৰলৈ ৰাওনা হৈছিলো। হঠাৎ পিছৰ পৰা কোনোৱে কৈ উঠিল "আহা মোৰ ছোৱালীজনী । মই তোমাৰ বাবেই অপেক্ষা কৰি আছো" । একদম চক খাই উঠিলো । চাৰেণ্ডাৰ  ভঙ্গিত দুহাত মুৰৰ ওপৰত দাঙি দিছিলো। গলটো ঘুৰাই দেখিলো বুঢ়া পাদ্ৰীজনে লাঠিত ভৰ দি ঠিয় হৈ আছে।  এটা দীর্ঘশ্বাস এৰি  হাতদুখন তললৈ আনিলো। অলপ সময়ৰ বাবে মই  ভাবিছিলো মই  হয়তো ধৰা পৰি গলো  । এতিয়া আৰু  ভয়ৰ  একো কাৰণ  নাই । এই হাড়চালে লগা  বুঢ়াটোৱে মোক একো কৰিব নোৱাৰে । এটা ধাক্কা দিলেই পৰি যাব । সেয়ে  ময়ো  সৌজন্যতা দেখুৱাই তেওৰ ওচৰত হাতযোৰ কৰি কবলৈ ধৰিলো ," ফাদাৰ , মই জীৱনত বহুত ভুল কৰিছো । মই  এইবোৰৰ পৰা মুক্তি বিচাৰো । আপুনি মোৰ বাবে যীশুৰ ওচৰত ক্ষমা খোজক । নহলে  মই  আজীৱন নৰকত থাকিব লাগিব ।"
মোৰ  কথাবার্তাই  ফাদাৰক  বহুত  সন্তুষ্ট কৰিলে যেন লাগিল । হয়তো মানুহজনে এইবোৰ দেখি দেখি  অভ্যাস হৈ গৈছে । খৃষ্টানসকলে   কোনো অপৰাধ কৰিলে গীর্জালৈ  আহি পাদ্রীৰ ওচৰত সকলো খুলি কয় । তাৰপিছত পাদ্রীয়ে  তেওৰ পক্ষত  ঈশ্বৰৰ ওচৰত ক্ষমা প্রার্থনা খোজে । এই ৰীতিক সিহতে কনফেশ্বন কয় । ক্ষমা হৈ গলে সিহতে নিজৰ ইচ্ছা মতে গীৰ্জাত ডনেচন দিয়ে। এই ডনেচনৰ টকাৰেই বৰ্তমানত গীৰ্জাবোৰ চলি থাকে। কিন্তু গীর্জাৰ অতীত ইমান কৰুণাময় নাছিল। এটা সময় আছিল যেতিয়া গীর্জাবোৰে  মানুহৰ দয়া দক্ষিণাৰ ওপৰত  নির্ভৰ নকৰি  মানুহৰ প্রয়োজনীয় সম্পদবোৰ হস্তক্ষেপ কৰাত লাগিছিল। । এলিচৰ ডায়েৰীত   গীর্জাটোৱে তাইৰ  পাৰিবাৰিক চৰাইখানা দখলেই  তাৰ প্রমাণ। কিন্তু কালৰ গহ্বৰত সেই গীর্জা এতিয়া  পাহাৰী সিংহ ৰ পৰা  ঘৰচীয়া মেকুৰীত  পৰিণত হৈছে । আগতে  জোৰ কৰি হস্তক্ষেপ কৰিছিল , আৰু এতিয়া  দিলে খায়- নিদিলে উপবাসে থাকে ।
"তুমি ভুল সময়ত আহিছা বাছা।" 
পাদ্রীৰ  কথা শুনে আমি ভাবনাৰ জগতৰ পৰা   বাস্তবলৈ আহিলো । 
মই  বিনীত কন্ঠেৰে কলো, "মই দুঃখিত ফাদাৰ, আপুনি কি কৈছে শুনা নাই ।"
বুঢ়াজনে আকৌ এবাৰ কলে, "তুমি ভুল সময়ত আহিছা । আজি বুধবাৰ । ইয়াত কনফেশ্বন হয় শনিবাৰ আৰু  ৰবিবাৰে ৰাতিপুৱা ৯টাত ।"
মই দুখ প্ৰকাশ কৰি কলো , "মই  দুঃখিত ফাদাৰ। উইকেণ্ডত মোৰ কাম থাকে । আপনি যদি কালি সন্ধ্যা মোক এটা সুযোগ দিয়ে তেন্তে মোৰ বহুত উপকাৰ হব।"
বুঢ়া ৰাজি হল  । 
মই কলো , "কাল ৰাতিপুৱা ১০টাত  মই আকৌ আহিম  ফাদাৰ। এতিয়া মই এটা কামত যাবলৈ লাগিব। তাৰে আগতে এই গীর্জাটো এবাৰ ঘুৰি পাকি চাও। আপোনাৰ আপত্তি নাইতো? "
বুঢ়াজনে মুৰটো দুপিয়াই নিজৰ ৰুমলৈ সোমাই গল। সি গুচি যোৱাৰ লগে লগে মই একে দৌৰে গীর্জাৰ ছাদলৈ উঠি গলো। বাহ। চাদখন যেন মোৰ বাবেই বনোৱা হৈছে। ছাদৰ তিনিফালে ৰেলিং থকিলেও চিমেট্ৰিৰ দিশত ৰেলিং নাই , একদম খোলা। শীতত ছাদত  বৰফ জমা হলে এই ফালে ঠেলি তলত পেলোৱা হয়। এইফালেৰে সহজে উঠা নমা কৰিব পৰা যাব । 

আজ ইয়াতে কাম শেষ। এতিয়া ঘৰলৈ যাব লাগে । কালি সকলো বয় বস্তু লৈ আকৌ আহিব লাগিব। কালি মাজৰাতিৰ ভিতৰত কামটো কৰিব লাগিব । যেনেকৈ নহওক। । গীর্জাৰ প্রাঙ্গণ এৰি  আকৌ সেই চিমেট্ৰিলৈ আহিলো। আগৰ দৰে এইবাৰ ইফালে সিফালে নুঘুৰি এইবাৰ প্ৰিষ্টৰ কবৰটো বিচাৰি উলিয়ালো।  সপোনত যেনে দেখেছিলো তেনেকৈয়ে আছে । কবৰৰ ফলকত সেই আঙঠিৰ চিহ্ন। মোৰ তেনেতে প্ৰস্বাবৰ বেগ আহিল।  কষ্ট কৰি  প্রস্রাৱৰ  বেগটো ধৰি ৰাখিলো  । মনে মনে কলো, এতিয়া নহয় । সূর্যটো পশ্চিম আকাশত হালি পৰিছে । ছাঁ দীঘলৰ পৰা দীর্ঘতম হৈ গৈ আছে । অলপ সময় পিছতে  সূর্যাস্ত হব । এই   ভৌতিক পৰিবেশত মনৰ ভিতৰতে  এটা উদ্ভট প্রশ্ন জাগিল । আচ্ছা, এই কবৰস্থলত শুই থকা সকলো  মৃত নে ? নে দুই এজন কবৰৰ মাজত সোমাই , আন্ধাৰ নমাৰ  প্রতিক্ষাত ৰৈ আছে । ভাবিয়েই গাটো শিয়ৰি উঠিল । কালি ৰাতি মই ইয়ালৈ আহিব লাগিব । অকলশৰে ,,,,, নহব । এইবোৰ লৈ আৰু ভাবিব নোৱাৰো যিমান ভাবিম সিমানেই ভয় হব। তাতকৈ দিনৰ পোহৰ থাকোতেই ইয়াৰ পৰা যাব লাগিব।  ঘৰলৈ উভতিব লওতেই হঠাৎ প্ৰিষ্টৰ  কবৰৰ কাষত পৰি গলো। খপজপকৈ উঠিবলৈ লৈ মন কৰিলো ভৰিখন কোনোবাই যেন টানি ধৰিছে।  হৃদপিণ্ডটো ধপধপাই উঠিল। সচাকৈ কটিগটোত দেখা কবৰৰ সপোনটো এতিয়া সঁচা হবলৈ গৈ আছে

(আগলৈ)
চানজিদা চুলতানা
স্বপ্ননীল আকাশ
ভাবানুবাদ

share with your friends ......